সমগ্ৰ দেশতে আৰম্ভ হ’ল ২০২২ বৰ্ষৰ পোষণ মাহ ৷ শিশুসকলৰ মানসিক আৰু শাৰিৰীক বিকাশৰ বাবে সেয়েহে সমান্তৰাল ভাৱে অসমতো ১চেপ্টেম্বৰ তাৰিখে আৰম্ভ কৰা হ’ল পোষণ মাহ ২০২২ৰ ৷ ‘মহিলা আৰু শিশু কল্যাণ বিভাগ,অসমৰ তথ্য অনুসৰি সংহত শিশু বিকাশ প্ৰকল্পৰ অধীনত অসমৰ বিভিন্ন জিলাত পোষণ মাহ উপলক্ষে মাহজুৰি হাতত লোৱা হৈছে বিভিন্ন কাৰ্যসূচী ৷
১চেপ্টেম্বৰ তাৰিখে ৰাজ্যিক আৰু জিলা স্তৰত পোষণ মাহৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰাৰ পিছতে শিশুসকলৰ শাৰিৰীক তথা মানসিক বিকাশৰ প্ৰতি লক্ষ ৰাখি আৰম্ভ কৰা হৈছে বিভিন্ন কাৰ্যসূচী ৷ আহকচোন জানো সম্পূৰ্ণ মাহটোত কেনেধৰণৰ কাৰ্যসূচী হাতত লোৱা হ’ব ৰাজ্যখনত ?
- পুষ্টি ৰথ, ‘পুষ্টিহীনতাৰ পৰা পৰিপুষ্টি লৈ এক সফল পৰিক্ৰমা’– পুষ্টি ৰথ হৈছে শিশু সকলৰ বাবে লোৱা এনে এক পদক্ষেপ যাৰ ফলত শিশুসকলৰ পুষ্টিসাধনৰ ক্ষেত্ৰত বিশেষ ভাৱে প্ৰয়াস কৰা হ’ব ৷ পুষ্টি ৰথ হৈছে এক বিশেষ ধৰণৰ বাহন ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰা “পুষ্টি ৰথ” নামৰ এই বিশেষ বাহনৰ জৰিয়তে অসমৰ বিভিন্ন স্থানত বিভিন্ন বিষয়ত জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰাৰ এক প্ৰয়াস কৰা হ’ব ৷ ‘পুষ্টিহীনতাৰ পৰা পৰিপুষ্টি লৈ এক সফল পৰিক্ৰমা’ হিচাপে পুষ্টিৰ বিষয় আৰু শিশুসকলক ইয়াৰ সুবিধা প্ৰদান কৰি ইয়াৰ যোগেদি শিশুসকলৰ ভৱিষ্যৎ সুস্থ আৰু সবল কৰি তোলৰ প্ৰয়াস কৰা হ’ব ৷
- পোষণ পঞ্চায়ত- মহিলা পঞ্চায়ত নামেৰে এই অনুষ্ঠানত ৰাজ্যৰ গৰ্ভৱতী মহিলা সকলক সাঙুৰি এনে এক পদক্ষেপ লোৱা হৈছে যাৰ ফলত গৰ্ভ ধাৰণৰ সময়ত হোৱা পুষ্টিহীনতা তথা আহাৰৰ বৈচিত্ৰৰ ওপৰত সজাগতা বৃদ্ধিৰ লগতে ৰক্তহীনতা প্ৰতিৰোধৰ ক্ষেত্ৰতো সজাগতা বৃদ্ধি কৰা হ’ব ৷
- সামূহিক পঞ্চায়ত- আনহাতে সামূহিক পঞ্চায়তৰ যোগেদি জীৱনশৈলীৰ পৰিৱৰ্তনৰ বিষয়ে সজাগতা সৃষ্টিৰ এক পদক্ষেপ হাতত লোৱা হৈছে ৷ ইয়াৰ ভিতৰত আছে ‘শৈশৱৰ মেদবহুলতা’ সম্পৰ্কে সজাগতা বৃদ্ধি কৰা । আনহাতে পানীৰ দ্বাৰা সৃষ্টি হোৱা ৰোগৰ বিৰুদ্ধে সজাগতা বিয়পোৱাৰ লগতে স্বাস্থ্যসন্মত খাদ্যাভাস গঢ়ি তুলি শিশুক সুস্থ সবল কৰি তোলা ৷আনহাতে ইয়াৰ যোগেদি কিশোৰী সকলৰ মাজতো মাহেকীয়া হোৱাৰ সময়ত পৰিস্কাৰ-পৰিছন্নতা ৰক্ষা কৰা আৰু ৰক্তহীনতা দূৰ কৰাৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি কৰাৰ পদক্ষেপ হাতত লোৱা হৈছে ৷
- পোষণ বাটিকা – পোষণ বাটিকাৰ উদ্দেশ্য হৈছে ঔষধি উদ্ভিদৰ ৰোপণৰ জৰিয়তে ৰাজ্যত পোষণ উদ্যান স্থাপন কৰি ৰাজ্যবাসীৰ মাজত স্বাস্থ্য সজাগতা বৃদ্ধি কৰা আৰু লগতে পোষণ উদ্যানৰ বাবে নিৰ্দিষ্ট ভূমি চিনাক্ত কৰা ৷
- যোগ আৰু আয়ুষৰ জৰিয়তে সুস্থতা- ঘৰতে যোগাভ্যাসৰ যোগেদি স্বাস্থ্যৰ প্ৰতি সজাগতা বৃদ্ধি কৰাৰ লগতে গৰ্ভৱতী মাতৃ, বিদ্যালয়লৈ যোৱা শিশু, কিশোৰ তথা সকলো বয়সৰ শিশু তথা ল’ৰা-ছোৱালীৰ মজত যোগ সম্পৰ্কে সচেতনতা বৃদ্ধি কৰা
- এনিমিয়া শিবিৰ – এই শিবিৰৰ উদ্দেশ্য হ’ল ৰক্তহীনতা দূৰীকৰণৰ বাবে সচেতনতা বৃদ্ধি কৰাৰ লগতে প্ৰয়োজনীয় পৰীক্ষা ,চিকিৎসা তথা আলোচনাৰ যোগেদি ৰক্তহীনতা জনিত যিকোনো সমস্যা সমাধান কৰা৷
- স্ক্ৰীণিং শিবিৰসমূহ- স্ক্ৰীণিং শিবিৰ সমূহৰ উদ্দেশ্য হ’ল ডায়েবেটিছত ভোগা ১৮ বছৰ অনুৰ্ধৰ বিদ্যালয়লৈ যোৱা বা নোযোৱা শিশু তথা কিশোৰ-কিশোৰীসকলৰ মাজত সজাগতা বৃদ্ধি কৰা ৷
- ৰন্ধন প্ৰতিযোগিতা –ৰন্ধন প্ৰতিযোগিতা সমূহৰ যোগেদি মহকুমা বিশেষে গৰ্ভৱতী মহিলাৰ বাবে পুষ্টিকৰ খাদ্য তৈয়াৰ কৰাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে জনগোষ্ঠীয় তথা পিছপৰা অঞ্চলসমূহত খাদ্যমেলা আয়োজন আৰু আইৰণ যুক্ত খাদ্য আৰু সহজলভ্য ফলমূল তথা শাক-পাছলিৰ যোগেদি ব্যঞ্জন তৈয়াৰ কৰি ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰা ৷
- খেলনাৰ যোগেদি শিক্ষা –এই অভিযানৰ যোগেদি খেলনা,পুতলা নাইবা নাটক আদিৰ যোগেদি ঘৰতে কেনেকৈ শিশুসকলক শিক্ষা প্ৰদান কৰিব পাৰি সেই সন্দৰ্ভত শিশু-অভিভাৱক সকলৰ মাজত সজাগতা বৃদ্ধি কৰাৰ প্ৰয়াস কৰা হ’ব ।
- পুষ্টিহীনতাত ভোগা শিশু চিনাক্ত কৰি পুষ্টিকৰ আহাৰ যোগান ধৰা– ৰাজ্যৰ উন্নয়ন খণ্ডসমূহত পুষ্টিহীনতাত ভোগা শিশুসকলক চিনাক্ত কৰি পুষ্টিকৰ আহাৰ যোগান ধৰাই হ’ল এই কাৰ্যসূচীৰ মূল উদ্দেশ্য ৷
- পোষণ মাহ ২০২২ হৰডিং – প্ৰতিখন জিলাতে একোখনকৈ হৰডিঙৰ যোগেদি ৰাজ্যবাসীৰ মাজত সজাগতা বৃদ্ধি কৰা
- গণ মাধ্যম –গণ মাধ্যমৰ যোগেদি বিভিন্ন ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰি জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰাৰ লগতে অঁনাতাৰ যোগে মুখ্যমন্ত্ৰীৰ বিশেষ শ্ৰব্য অনুষ্ঠান আৰু সৰু সৰু কিছুমান শ্ৰব্য অনুষ্ঠান প্ৰচাৰ কৰি ৰক্তহীনতা তথা গৰ্ভৱতী মহিলাৰ পুষ্টিহীনতাৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি কৰা ৷ লগতে আহাৰৰ বৈচিত্ৰ্য,স্তন্যপান আদিৰ বিষয়েও ৰাজ্যখনত সজাগতা বৃদ্ধি কৰা ৷