মেকানিকেল ইঞ্জিনিয়াৰিঙত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰাসকলক চাকৰিৰ সুবিধা প্ৰদান কৰিব ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান। শেহতীয়াকৈ এই কেন্দ্ৰীয় সংস্থাটোৱে এটা অধিসূচনাও প্ৰকাশ কৰিছে। অধিসূচনা অনুসৰি প্ৰতিষ্ঠানটোৰ এৰোস্পেচ ইঞ্জিনিয়াৰিং বিভাগৰ গৱেষণা প্ৰকল্পৰ বাবে এজন প্ৰজেক্ট এছ’চিয়েটৰ প্ৰয়োজন।
উপৰোক্ত বিষয়সমূহৰ বাহিৰেও যিসকলে এৰোস্পেচ ইঞ্জিনিয়াৰিং বা সমতুল্য বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছে তেওঁলোকেও ইয়াৰ বাবে আবেদন কৰিব পাৰিব। কিন্তু আবেদনকাৰীৰ তৰল গতিবিদ্যা, অস্থিৰতা আদি বিষয়ত কাম কৰিবলৈ আগ্ৰহ আৰু দক্ষতা থাকিব লাগিব। লগতে চি ,চি প্লাছ ,ফ’ৰটেইন (C, C++, FORTAIN )প্ৰগ্ৰেমিংৰ কামৰ অভিজ্ঞতা থাকিব লাগে।
দুবছৰ তিনিমাহৰ বাবে এই পদত নিয়োগ কৰা হ’ব ৷ নিযুক্তিপ্ৰাপ্ত ব্যক্তিয়ে মে’ মাহৰ পৰা প্ৰকল্প সহযোগী হিচাপে কাম আৰম্ভ কৰিব। ইচ্ছুক প্ৰাৰ্থীয়ে আবেদন কৰিবলৈ ইমেইলৰ জৰিয়তে ৰিজ্যুম, শিক্ষাগত অৰ্হতাৰ প্ৰমাণৰ নথি-পত্ৰ জমা দিব লাগিব। ইচ্ছুক প্ৰাৰ্থীয়ে ৫ মে’লৈকে আবেদন পত্ৰ প্ৰেৰণ কৰিব পাৰিব। এই বিষয়ে অধিক তথ্য জানিবলৈ প্ৰাৰ্থীসকলে মূল অধিসূচনা চাব পাৰে ৷