জুৱাই এটা পৰিয়ালক কিদৰে সর্বস্বান্ত কৰি আহিছে সেয়া সর্বজনবিদিত ৷ শেহতীয়াকৈ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ক্ৰিকেট মেচত মধ্যপ্ৰদেশৰ এজন পোষ্টমাষ্টাৰে ১ কোটি টকা হেৰুওৱাৰ ঘটনাই সকলোকে হতচকিত কৰি তুলিছে ৷ লক্ষণীয়ভাৱে পোষ্ট মাষ্টৰ জনে জুৱাত লগাইছিল বিভিন্ন লোকে ডাকঘৰত জমা ৰখা ধন ৷ প্ৰাপ্ত তথ্য অনুসৰি দুই ডজন পৰিয়ালে সঞ্চয় কৰা মুঠ ১ কোটি জুৱাত লগাইছিল ৷ পৰিয়ালকেইটাৰ ধন সাগৰ জিলাৰ এটা উপ ডাকঘৰত জমা কৰিছিল ৷
উপ ডাকঘৰৰ পোষ্টমাষ্টৰ বিশাল আহিৰৱাৰক যোৱা ২০ মে’ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । জানিব পৰা মতে, তেওঁ আৰক্ষীৰ আগত এই অপৰাধৰ কথা স্বীকাৰ কৰিছে। অভিযুক্ত পোষ্টমাষ্টৰজনে ভুৱা এফ ডি একাউণ্টৰ বাবে প্ৰকৃত পাছবুক জাৰি কৰাৰ লগতে যোৱা দুবছৰৰ পৰা আই পি এল ক্ৰিকেট বেটিঙত সম্পূৰ্ণ ধন দিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
“ধৃত পোষ্টমাষ্টাৰ বিশাল আহিৰৱাৰৰ বিৰুদ্ধে ৪২০ আইপিচি (প্ৰতাৰণা) আৰু ৪০৮ আইপিচি (আস্থা ভংগ অপৰাধমূলক) ধাৰাত গোচৰ ৰুজু কৰা হৈছে। পৰৱৰ্তী তদন্তৰ ফলাফলৰ ভিত্তিত গোচৰটোত অধিক ধাৰা সংযোজন কৰিব পৰা যাব,” বিনা-জিআৰপি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত অজয় ধুৰ্ভেই জানিবলৈ দিয়ে।