ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই অব্যাহত ৰাখিছে সামৰিক আক্ৰমণ ৷ ইউক্ৰেইনৰ পূব প্ৰান্তৰ খাৰকিভ, মাৰিঅ’পল,কিয়েভ আদি চহৰত ধাৰাবাহিক আক্ৰমণৰ পাছত ৰুচ সেনাৰ লক্ষ্য হৈ পৰিছে পশ্চিম প্ৰান্তৰ চহৰ ৷ আক্ৰমণৰ পৰা বাছি থকা পশ্চিম প্ৰান্তৰ চহৰ লাভিভত এইবাৰ প্ৰচণ্ড গোলাবর্ষণ আৰম্ভ কৰিছে ৰুছ সেনাই ৷চহৰখনৰ মেয়ৰে প্ৰকাশ কৰা অনুসৰি লাভিভত সোমবাৰে পাঁচটা “শক্তিশালী” মিছাইলেৰে আক্ৰমণ কৰে ৰাছিয়াই ৷ ৰাছিয়াই ৰাজধানী কিয়েভ আৰু ইয়াৰ আশে-পাশে আক্ৰমণ তীব্ৰতৰ কৰি তোলাৰ লগতে সামৰিক বাহিনীৰ হাৰ্ডৱেৰ প্ৰতিষ্ঠানক আক্ৰমণ কৰিছে ৷ যাৰ বাবে পশ্চিম প্ৰান্তত ৰুছ বাহিনীয়ে আক্ৰমণ আৰম্ভ কৰিছে ৷ইউক্ৰেইনৰ ৰাষ্ট্ৰীয় ৰে’লৱেৰ মুৰব্বী আলেকজেণ্ডাৰ কামিছিনে ছ’চিয়েল মিডিয়াত কয় যে ৰুছ সেনাৰ আক্ৰমণত আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত হৈছে আৰু ৰেলসেৱাসমূহত পলম হোৱাৰ সম্ভাৱনা আছে ৷ কিন্তু কোনো যাত্ৰী বা কৰ্মচাৰী আঘাতপ্ৰাপ্ত হোৱা নাই।
মাৰ্চৰ শেষৰ ফালে ৰাছিয়াই লাভিভত কেইবাটাও আক্ৰমণ কৰিছিল ৷ ৰুছ সেনাই এটা ইন্ধন ডিপোক লক্ষ্য কৰি লৈছিল ৷ এই আক্ৰমণত পাঁচজন লোক আহত হৈছিল । ১৮ মাৰ্চত লাভিভৰ বিমানবন্দৰৰ ওচৰৰ এটা বিমান মেৰামতি কাৰখানাত বোমাবর্ষণৰ কৰে ৷ অৱশ্যে এই আক্ৰমণত কোনো লোক হতাহত হোৱা নাই ৷ ১৩ মাৰ্চত ৰাছিয়াৰ ক্ৰুজ মিছাইলে লাভিভৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ (২৫ মাইল) উত্তৰ-পশ্চিমত এটা মুখ্য সামৰিক ঘাটি লক্ষ্য কৰি আক্ৰমণ কৰে ৷ অতি কমেও ৩৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৩৪ জন আহত হয়।পোলেণ্ড সীমান্তৰ ওচৰৰ লাভিভ স্থানচ্যুত লোকসকলৰ বাবে আশ্ৰয়স্থলৰ চহৰ হৈ পৰিছে ৷