কংগ্ৰেছৰ সৈতে ৰাজনৈতিক ৰণনীতিবিদ প্ৰশান্ত কিশোৰৰ সহযোগিতাই পূর্ণ ৰূপ নাপালেও দলটোৰ নিৰ্বাচন পৰিচালনাৰ বাবে গঠন কৰা গোটত অন্তভূর্ক্ত কৰা হৈছে তেওঁৰ প্ৰাক্তন সহযোগী সুনীল কানুগলুক। ৰাহুল গান্ধীৰ উপৰি গুলাম নবী আজাদ আৰু আনন্দ শৰ্মাক এই কমিটীত ৰখা হৈছে ৷ ৰাজনৈতিক পৰিক্ৰমা গোট আৰু এটা টাস্ক ফ’ৰ্চ গঠনৰ সিদ্ধান্ত ৰাজস্থানৰ উদয়পুৰত শেহতীয়াকৈ অনুষ্ঠিত চিন্তন শিৱিৰত গ্ৰহণ কৰা হৈছিল ৷
পৰৱৰ্তী ৰাষ্ট্ৰীয় নিৰ্বাচনৰ বাবে দলৰ কৌশল চম্ভালিবলগীয়া টাস্ক ফ’ৰ্চত “জি-২৩” বা ২৩ জনীয়া “বিৰোধী” গোটৰ কোনো সদস্য নাই, যিয়ে ২০২০ চনত ছোনিয়া গান্ধীলৈ পত্ৰ লিখি ব্যাপক সাংগঠনিক আৰু নেতৃত্বৰ পৰিৱর্তনৰ আহ্বান জনাইছিল ৷ দলটোৱে ধাৰাবাহিক নিৰ্বাচনী পৰাজয়ৰ পিছত আগবাঢ়ি যোৱাৰ পথ আলোচনা কৰিবলৈ উদয়পুৰত অনুষ্ঠিত হোৱা “চিন্তন শিৱিৰ” বা কৌশল বৈঠকত দুয়োটা পেনেল গঠন কৰাৰ সিদ্ধান্ত লৈছিল।
কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীৰ নেতৃত্বত হ’বলগীয়া ৰাজনৈতিক পৰিক্ৰমা গোটত মল্লিকার্জুন খাৰ্গে, অম্বিকা ছোনী, দিগ্বিজয় সিং, কে চি বেণুগোপাল আৰু জিতেন্দ্ৰ সিঙক অন্তভূর্ক্ত কৰা হৈছে । আনহাতে টাস্ক ফ’ৰ্চত আছে পি চিদাম্বৰম, প্ৰিয়ংকা গান্ধী ভাদ্ৰা, মুকুল ৱাছনিক, জয়ৰাম ৰমেশ, কে চি বেণুগোপাল, অজয় মাকেন আৰু ৰণদীপ সুৰজেৱালা। কংগ্ৰেছে কয় যে টাস্ক ফ’ৰ্চৰ প্ৰতিজন সদস্যক সংগঠন, যোগাযোগ আৰু সংবাদ মাধ্যম, আউটৰিচ, বিত্ত আৰু নিৰ্বাচনী ব্যৱস্থাপনা সম্পৰ্কীয় নিৰ্দিষ্ট কামৰ দায়িত্ব দিয়া হ’ব। দলটোৱে নিজৰ কৌশল সভাত সংসদীয় ব’ৰ্ডৰ পৰিৱৰ্তে প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰত এখন ৰাজনৈতিক বিষয়ক সমিতি গঠন কৰাৰ সিদ্ধান্ত লয়, যিটো কংগ্ৰেছৰ ভিতৰৰ বিদ্ৰোহী গোটটোৰ এটা মূল দাবী আছিল।