প্ৰশান্ত মহাসাগৰৰ ওপৰেৰে এখন হেলিকপ্টাৰ উৰি ফুৰিছিল, সাগৰৰ ক’ত টুনা মাছৰ পৰিমান বেছি সেইটো সঠিকভাৱে জানিবলৈ। হঠাতে হেলিকপ্টাৰ পাইলটে অবিশ্বাস্য দৃশ্য এটা প্ৰত্যক্ষ কৰিলে। সাগৰৰ মাজত বসতিস্থলৰ পৰা প্ৰায় ১৯০০ কিলোমিটাৰ দূৰত এটা অদ্ভূত বাস্তু ভাঁহি আছে! ভালদৰে লক্ষ্য কৰা পাইলটে দেখা পায় যে বগা বিন্দুটো আচলতে এখন নাও, । প্ৰায় ধ্বংসপ্ৰাপ্ত নাওঁখনত এজন বৃদ্ধ লোকৰ লগতে এটা কুকুৰো প্ৰত্যক্ষ কৰে । লগে লগে হেলিকপ্টাৰ পাইলটে মাছ ট্ৰলাৰলৈ বাৰ্তা প্ৰেৰণ কৰে। গন্তব্যস্থান পোৱাৰ পিছত উদ্ধাৰ কৰা হয় ৫৪ বছৰীয়া টিম শ্বেড আৰু তেওঁৰ কুকুৰ বেলাক।
স্থানীয় সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি তেওঁলোকে মেক্সিকোৰ পৰা ফ্ৰেঞ্চ পলিনেছিয়ালৈ যাত্ৰা আৰম্ভ কৰিছিল এপ্ৰিল মাহত। কিন্তু তেওঁলোকৰ নাওঁখন ধুমুহাত তচনচ হৈ পৰে ৷ যোগাযোগ বিছিন্ন হৈ পৰে ৷ টিম নিজৰ সংগী কুকুৰ বেলাৰ সৈতে সাগৰৰ মাজত সম্পূৰ্ণ অকলশৰীয়া হৈ পৰে । দ’ সাগৰত ভঙা নাওখনত ওপঙি তেওঁ তিনিমাহ কটালে। ইমান দিন কেনেকৈ জীয়াই থাকিল বুলি সোধাত টিমে ক’লে যে তেওঁ নিজেই কেনেবাকৈ হাৰ্পুনৰ দৰে সঁজুলি এটা বনাইছে। ভোক লাগিলে কেঁচা মাছ খাইছিল । পিয়াহ লাগিলে বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল ৷
উদ্ধাৰৰ পিছত টিমৰ ফটোত দেখা গৈছে যে তেওঁৰ সম্পূৰ্ণ দাড়ি, আধা ভগ্ন শৰীৰ, কিন্তু মুখত হাঁহি। উদ্ধাৰৰ পিছত নাৱিকৰ পৰা আৰম্ভ কৰি হেলিকপ্টাৰ পাইলটলৈকে সকলোকে ধন্যবাদ জনাবলৈ নাপাহৰিলে টিমে । তেওঁ কয়- “মোক বচোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ। সাগৰত সময় কটাবলৈ মোৰ বৰ ভাল লাগে।“