এগৰাকী প্ৰসুতিক এখন হাস্পতালৰ পৰা আন এখন হাস্পতাললৈ নিয়াৰ সময়ত মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি পদত্যাগ কৰিবলগীয়া হ’ল এখন দেশৰ স্বাস্থ্যমন্ত্ৰীয়ে ৷ এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱাৰ পাছতে পৰ্তুগালৰ স্বাস্থ্য মন্ত্ৰী মাৰ্টা টেমিডোৱে পদত্যাগ কৰে ৷ উল্লেখ্য যে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে জৰুৰীকালীন প্ৰসূতি সেৱা সাময়িকভাৱে বন্ধ কৰাৰ সিদ্ধান্তৰ ফলত গৰ্ভৱতী মহিলাক এখন চিকিৎসালয়ৰ পৰা আন এখন চিকিৎসালয়লৈ বিপদজনকভাৱে স্থানান্তৰ কৰিবলগীয়া হৈছিল ৷ যাক লৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷
স্বাস্থ্য মন্ত্ৰালয়ে এক বিবৃতিত কয় যে টেমিডোৱে পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছে ৷ কিয়নো তেওঁ আৰু দায়িত্বত থকাৰ কোনো পৰিস্থিতি নাই বুলি অনুভৱ কৰিছে ৷ এক সুকীয়া বিবৃতিত প্ৰধানমন্ত্ৰী এণ্টনিঅ’ কষ্টাই তেওঁৰ পদত্যাগ গ্ৰহণ কৰাৰ লগতে টেমিডোৰ কামৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷
উল্লেখ্য যে সপ্তাহৰ শেষৰ ফালে জৰুৰীকালীন প্ৰসূতি সেৱা বন্ধ কৰাৰ বাবে চৰকাৰে সিদ্ধান্ত লৈছিল ৷ কাৰণ গ্ৰীষ্মকালীন বন্ধত চিকিৎসালয়ত পৰ্যাপ্ত চিকিৎসক কর্তব্যত নাথাকে ৷ বিৰোধী দল আৰু পৌৰসভাই মন্ত্ৰীগৰাকীৰ এই সিদ্ধান্তক কঠোৰ সমালোচনা কৰিছে ৷
লিছবনৰ মূল চিকিৎসালয় চান্টা মাৰিয়াত বিচনা খালী নথকাৰ বাবে এগৰাকী গৰ্ভৱতী মহিলাক আন এখন চিকিৎসালয়লৈ এম্বুলেঞ্চেৰে নিয়াৰ সময়ত হৃদযন্ত্ৰ বন্ধ হৈ মৃত্যু হোৱাৰ খবৰ প্ৰকাশ পোৱাৰ কেইঘণ্টামান পিছতে টেমিডোৱে পদত্যাগ কৰে।২০১৮ চনৰ অক্টোবৰ মাহত টেমিডোৱে স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল ৷ যোৱা বছৰ ক’ভিড টিকাকৰণ অভিযানৰ সফলতাৰ বাবেই তেওঁ আটাইতকৈ জনপ্ৰিয় মন্ত্ৰীসকলকৰ অন্যতম বুলিও সমীক্ষাত প্ৰকাশ পাইছে।