ভাৰতৰ নিৰ্বাচন আয়োগে ধাৰ্য কৰা অনুসৰি লোকসভা নিৰ্বাচনৰ ৪ জুনৰ ভোট গণনা প্ৰক্ৰিয়াৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে কামৰূপ মহানগৰ নিৰ্বাচন জিলা প্ৰশাসন । নিৰ্বাচন আয়োগে নিয়োগ কৰা সাধাৰণ পৰ্যবেক্ষক আৰু গণনা পৰ্যবেক্ষকে ইতিমধ্যে গণনা প্ৰক্ৰিয়াৰ বাবে যাৱতীয় ব্যৱস্থাপনাৰ সকলো দিশ সুক্ষ্মভাৱে নিৰীক্ষণ কৰিছে। মহানগৰীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত হ’বলগীয়া ভোট গণনাত এইবাৰ কামৰূপ মহানগৰ নিৰ্বাচন জিলাত মুঠ ই ভি এমৰ সংখ্যা ১০২৬টা। জিলাখনৰ অন্তৰ্গত দিছপুৰ, ডিমৰীয়া, নিউ গুৱাহাটী, চেণ্ট্ৰেল গুৱাহাটী আৰু জালুকবাৰী- এই পাঁচটা বিধানসভা সমষ্টি প্ৰতিটোৰ বাবে ১৪ খনকৈ মুঠ ৭০ খন টেবুলত ভোট গণনাৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি প’ষ্টেল বেলট গণনাৰ বাবে দিহা কৰা হৈছে আন ১০ খন টেবুলৰ। উল্লেখনীয় যে দিছপুৰ বিধানসভা সমষ্টিত ১৬ ৰাউণ্ড, ডিমৰীয়াত ১৭ ৰাউণ্ড, নিউ গুৱাহাটীত ১৪ ৰাউণ্ড, চেণ্ট্ৰেল গুৱাহাটীত ১৪ ৰাউণ্ড আৰু জালুকবাৰীত ১৫ ৰাউণ্ড গণনাৰে সম্পন্ন কৰা হ’ব কামৰূপ মহানগৰ নিৰ্বাচন জিলাৰ ভোটগণনা।