টিহু,৯ অক্টোৱৰঃ ১৯৬৩ চনত স্থাপিত হোৱা ঐতিহ্যমণ্ডিত টিহু মহাবিদ্যালয়ে ইতিমধ্যে ৰূপালী আৰু সোণালী জয়ন্তী অতিক্ৰম কৰি হীৰক জয়ন্তীত উপনীত হৈছে। বৃহত্তৰ টিহু অঞ্চলৰ উচ্চ শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠানখনৰ হীৰক জয়ন্তী উদযাপনৰ বিষয়ে আলোচনা কৰাৰ বাবে ৮ অক্টোৱৰত টিহু মহাবিদ্যালয়ৰ কালিচৰণ ডেকা সোঁৱৰণী প্ৰেক্ষাগৃহত দিনৰ ১০°৩০ বজাত টিহু মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডাঃ নাৰায়ণ শৰ্মাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হৈ যায়।পৰিচালনা সমিতিৰ সম্পাদক তথা মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° কিশোৰ কুমাৰ তালুকদাৰে উদ্দ্যেশ্য বাখ্যা কৰা উক্ত সভাত স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাস, শিক্ষানুষ্ঠানখনৰ ভালেসংখ্যক শুভাকাংক্ষী, প্ৰাক্তন শিক্ষাৰ্থী, অধ্যাপক, অধ্যাপিকা, শিক্ষাৰ্থী আদি উপস্থিত থাকে। সভাত স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসক সভাপতি, টিহু মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডাঃ নাৰায়ণ শৰ্মাক কাৰ্য্যকৰী সভাপতি আৰু মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° কিশোৰ কুমাৰ তালুকদাক সম্পাদক হিচাপে লৈ হীৰক জয়ন্তী উদযাপন সমিতি এখন গঠন কৰা হৈছে।