সমগ্ৰ দেশৰ লগতে অসমতো পালন কৰা হ’ব আন্তৰ্জাতিক দিব্যাংগ দিৱস ।
আমিনগাঁৱত কেন্দ্ৰীয় ভাৱে উদযাপন কৰিব এই দিব্যাংগ দিৱস ।
দিব্যাংগ দিৱস উপলক্ষে জিলাখনৰ প্ৰায় ১০০০ বিশেষ ভাৱে সক্ষম লোকক প্ৰদান কৰা হ’ব হুইল চেয়াৰ আৰু অন্যান্য উপকৰণ ।
ইতিমধ্যে বৃহৎ ৰভাঘৰ সজাই পৰাই তোলা হৈছে আমিনগাওঁ কুমাৰ ভাষ্কৰ বৰ্মন ক্ষেত্ৰখন ।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিত্ত মন্ত্ৰী অজন্তা নেওগ আৰু কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিক ।
অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে ।