VOICE 24x7
Wednesday, May 7, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পঞ্চম চিত্ৰ ভাৰতী চলচ্ছিত্ৰ মহোৎসৱৰ প্ৰস্তুতি

voicedesk by voicedesk
May 23, 2023
in মুখ্য সংবাদ
পঞ্চম চিত্ৰ ভাৰতী চলচ্ছিত্ৰ মহোৎসৱৰ প্ৰস্তুতি
0
SHARES
26
VIEWS
Share on FacebookShare on Twitter
গুৱাহাটীঃ ২৩ মে–  দক্ষিণ পূব এচিয়াৰ সৰ্ববৃহৎ চুটি ছবি আৰু তথ্যচিত্ৰৰ প্ৰতিযোগিতা আৰু মহোৎসৱ ‘চিত্ৰভাৰতী চলচ্ছিত্ৰ মহোৎসৱ’ৰ পঞ্চম সংস্কৰণৰ প্ৰস্তুতি আৰম্ভ হৈছে ৷ এই প্ৰস্তুতিৰ অংশ হিচাপে আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এটি অনুষ্ঠানত মহোৎসৱৰ পোষ্টাৰ মুকলি কৰা হয় ৷ এই অনুষ্ঠানত অংশগ্ৰহন কৰে নৰ্থ ইষ্ট ফিল্ম এণ্ড টিভি টেকনিচিয়ানছ এচচিয়েনছৰ সভাপতি চিত্ৰ পৰিচালক ৰাজেন ৰাজখোৱা, অসম সাংস্কৃতিক সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক শিবাণু বৰা আৰু তৰুণ প্ৰজন্মৰ অভিনেত্ৰী ডাঃ বেজবৰুৱা টু খ্যাত কিংকিনী ভট্টাচাৰ্যই ৷ চলচ্চিত্ৰমৰ অধ্যক্ষ উৎপল দত্তই অনুষ্ঠানটি পৰিচালনা কৰে আৰু সাংবাদিকসকলক চিত্ৰভাৰতী চলচ্চিত্ৰ মহোৎসৱৰ কথা বাখ্যা কৰে ৷ ‘এটা নিৰ্দিষ্ট আদৰ্শ আৰু উদ্দেশ্য আগত ৰাখি আয়োজন কৰা, তথ্যচিত্ৰ আৰু চুটি ছবিৰ এই বিশাল আয়োজনত অসমৰ অংশগ্ৰহন খুব কম ৷ অসমৰ অধিক সংখ্যক চিত্ৰনিৰ্মাতাই এই মহোৎসৱত অংশগ্ৰহন কৰি নিজৰ কাম বৃহৎ সংখ্যক দৰ্শকৰসন্মুখত প্ৰদৰ্শন কৰা এই সুবিধাটো লোৱা প্ৰয়োজন’- শ্ৰীদত্তই কয় ৷
তথ্য আৰু মনোৰঞ্জনক জনসাধাৰণৰ মাজলৈ নিয়াৰ অন্যতম শক্তিশালী মাধ্যম হৈছে চলচ্চিত্ৰ ৷ ভাৰতৰ উত্থানৰ প্ৰক্ৰিয়াত সকলো ধৰণৰ ছবিৰ ইতিবাচক সম্ভাৱনাৰ কথা উপলব্ধি কৰি একে ভাবধাৰাৰ কেইগৰাকীমান চিত্ৰপ্ৰেমী লগ হৈ ইতিবাচক আৰু গঠনমূলক বাৰ্তাৰ ছবিৰ প্ৰচাৰৰ সিদ্ধান্ত লয় ৷ ভাৰতীয় মূল্যবোধ আৰু দৰ্শনক প্ৰচাৰ কৰা ছবিক উৎসাহিত কৰাৰ উদ্দেশ্যে ২০১৬ চনত ভাৰতীয় চিত্ৰ সাধনাৰ জন্ম হৈছিল ৷
ভাৰতৰ বেছিভাগ ৰাজ্যতে চিত্ৰভাৰতী ফিল্ম ফেষ্টিভেলৰ লগত জড়িত চলচ্চিত্ৰ সংগঠন আছে আৰু তেওঁলোকেও নিজাকৈ চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰে ৷ অসমৰ চলচ্চিত্ৰম্‌ সংগঠনটিও এনেদৰে চিত্ৰভাৰতীৰ সতে জড়িত ৷ প্ৰখ্যাত চলচ্চিত্ৰ শিল্পী আৰু নিৰ্মাতাৰ এটা দলে প্ৰতিযোগিতাত যোগদান কৰা ছবিবোৰৰ মাজৰ পৰা নিৰ্বাচন কৰা কিছু ছবি পুৰষ্কৃত ছবিৰ লগতে চিত্ৰভাৰতী ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শন কৰা হয় ৷ চলচ্চিত্ৰ মহোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় বিভিন্ন বিষয়ৰ ভালেমান মাষ্টাৰ ক্লাছ আৰু এইবোৰত শিক্ষাৰ্থীসকলে চলচ্ছিত্ৰ জগতৰ বিখ্যাত ব্যক্তিসকলৰ সৈতে অন্তৰংগভাবে মত বিনিময় কৰাৰ সুযোগ পায় ৷
অহা বছৰৰ ২৩, ২৪, ২৫ ফেব্ৰুৱাৰী তাৰিখে হাৰিয়ানাৰ পঞ্চকুলাত চিত্ৰভাৰতী চলচ্চিত্ৰ মহোৎসৱৰ পঞ্চম সংস্কৰণৰ আয়োজন কৰা হৈছে ৷ অহা ছেপ্টেম্বৰ মাহত  প্ৰতিযোগিতাৰ ছবি জমা দিব লাগিব ৷
চিত্ৰভাৰতী চলচ্চিত্ৰ প্ৰতিযোগিতাৰ এই প্ৰতিযোগিতাৰ মূল বিষয়বোৰ হ’ল নাৰী সৱলীকৰণ, নিয়োগ, সম্প্ৰীতি, পৰিবেশ, ভৱিষ্যতৰ ভাৰত, জনজাতীয় সমাজ,  গ্ৰামোন্নয়ন আৰু বসুধৈৱ কুটুম্বকম ৷ প্ৰতিযোগিতাত শিশু চলচ্চিত্ৰৰ এটি বিশেষ শাখা আছে৷ এই শাখাৰ ছবিৰ বিষয়সমূহ হ’ল – সাহসী শিশু, শিশু শিক্ষাৰ ক্ষেত্ৰত কৰা উদ্ভাৱনসমূহ আৰু নৈতিক শিক্ষা ৷
প্ৰতিযোগিতাৰ বিভিন্ন শাখা আৰু বঁটাসমূহ এনে ধৰণৰ- ক, চুটি ছবি, দৈৰ্ঘ্য সৰ্বাধিক ৩০ মিনিট, শ্ৰেষ্ঠ ছবি – প্ৰথম পুৰষ্কাৰ এক লাখ টকা, শ্ৰেষ্ঠ পৰিচালক পঞ্চাশ হাজাৰ টকা, শ্ৰেষ্ঠ অভিনেতা পুৰুষ পঞ্চাশ হাজাৰ টকা, শ্ৰেষ্ঠ অভিনেতা মহিলা, পঞ্চাশ হাজাৰ টকা, শ্ৰেষ্ঠ ছবি – দ্বিতীয় পুৰষ্কাৰ পঞ্ছাশ হাজাৰ টকা, শ্ৰেষ্ঠ ছবিৰ তৃতীয় পুৰষ্কাৰ পঁচিশ হাজাৰ টকা ৷
খ, তথ্যচিত্ৰৰ সময় সৰ্বাধিক ৪৫ মিনিট, শ্ৰেষ্ঠ ছবিৰ প্ৰথম পুৰস্কাৰ এক লাখ টকা, শ্ৰেষ্ঠ ছবি দ্বিতীয় পুৰস্কাৰ ৫০ হাজাৰ টকা, শ্ৰেষ্ঠ ছবি তৃতীয় পুৰস্কাৰ- পঁচিশ হাজাৰ টকা ৷
গ, শিশুৰ ছবিৰ সৰ্বাধিক দৈৰ্ঘ ২০মিনিট ৷ শ্ৰেষ্ঠ ছবিৰ প্ৰথম পুৰস্কাৰ পঞ্চাশ হাজাৰ টকা, শ্ৰেষ্ঠ ছবিৰ দ্বিতীয় পুৰস্কাৰ পঁচিশ হাজাৰ টকা, শ্ৰেষ্ঠ ছবিৰ তৃতীয় পুৰষ্কাৰ পোন্ধৰ হাজাৰ টকা ৷
ঘ. কেম্পাছ ফিল্মৰ সৰ্বাধিক দৈৰ্ঘ ২০ মিনিট, এই শাখাত কেৱল চুটি ছবিহে গ্ৰহন কৰা হ’ব ৷ পুৰষ্কাৰ ক শাখা – চলচ্চিত্ৰ শিক্ষা প্ৰতিষ্ঠান আৰু পেছাদাৰী ছাত্ৰ-ছাত্ৰীৰ বাবে, শ্ৰেষ্ঠ ছবিৰ প্ৰথম পুৰষ্কাৰ পঞ্চাশ হাজাৰ টকা, শ্ৰেষ্ঠ ছবিৰ দ্বিতীয় পুৰষ্কাৰ পঁচিশ হাজাৰ টকা, শ্ৰেষ্ঠ ছবিৰ তৃতীয় পুৰষ্কাৰ পোন্ধৰ হাজাৰ টকা, শ্ৰেষ্ঠ পৰিচালক – পোন্ধৰ হাজাৰ টকা, শ্ৰেষ্ঠ অভিনেতা পুৰুষ পোন্ধৰ হাজাৰ টকা, শ্ৰেষ্ঠ অভিনেতা মহিলা পোন্ধৰ হাজাৰ টকা ৷
খ শাখা – অপেছাদাৰী ছাত্ৰ-ছাত্ৰীৰ বাবে- শ্ৰেষ্ঠ ছবিৰ প্ৰথম পুৰষ্কাৰ ৫০ হাজাৰ টকা, শ্ৰেষ্ঠ ছবিৰ দ্বিতীয় পুৰষ্কাৰ পঁচিশ হাজাৰ টকা, শ্ৰেষ্ঠ ছবিৰ তৃতীয় পুৰষ্কাৰ পোন্ধৰ হাজাৰ টকা, শ্ৰেষ্ঠ পৰিচালক পোন্ধৰ হাজাৰ টকা, শ্ৰেষ্ঠ অভিনেতা পুৰুষ পোন্ধৰ হাজাৰ টকা, শ্ৰেষ্ঠ অভিনেতা মহিলা পোন্ধৰ হাজাৰ টকা ৷ সকলো নগদ বঁটাৰ লগত ট্ৰফী আৰু চাৰ্টিফিকেট দিয়া হ’ব ৷
এই প্ৰতিযোগিতাৰ সবিশেষ চিত্ৰভাৰতীডটওআৰজি ৱেব চাইটত পোৱা যাব৷
Previous Post

ৰঙিয়াত নগৰত যান-জঁটৰ সমস্যাক লৈ প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক

Next Post

কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ গুৱাহাটী আগমনৰ পৰিপেক্ষিতত কামৰূপ মহানগৰ জিলাক ড্ৰোণ উৰণ নিষিদ্ধ এলেকা ঘোষণা

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
সলাইছে কৌশল, ড্ৰোনেৰে পাকিস্তানৰ পৰা সৰবৰাহ ড্ৰাগছ,  ১ কেজি হেৰোইনসহ জব্দ ড্ৰোন

কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ গুৱাহাটী আগমনৰ পৰিপেক্ষিতত কামৰূপ মহানগৰ জিলাক ড্ৰোণ উৰণ নিষিদ্ধ এলেকা ঘোষণা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7