ডাইনী হত্যাৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে কৰি অহা কামৰ স্বীকৃতি স্বৰূপে পদ্মশ্ৰী সন্মানেৰে সন্মানিত হোৱা ড০ বিৰুবালা ৰাভাই লাভ কৰিছে আন এক সুখ্যাতি ৷ লোকসভা সচিবালয়ৰ ‘পার্লিয়ামেণ্টেৰী ৰিচার্চ এণ্ড ট্ৰেইনিং ইনষ্টিটিউট ফৰ ডেমক্ৰেচি’-এ আয়োজন কৰা এক মত বিনিময় কার্যসূচীত অংশগ্ৰহণৰ সুযোগ লাভ কৰিছে ড০ ৰাভাই ৷ যোৱা ২৩ মাৰ্চৰ পৰা ২৫ মাৰ্চলৈ তিনিদিনীয়াকৈ আয়োজন কৰা হৈছিল এই কাৰ্যসূচী ৷ সাংসদসকলক সমাজৰ বর্ধিত সমস্যাসমূহৰ প্ৰতি সজাগ কৰি তোলাৰ লক্ষ্যৰে মত বিনিময় কার্যসূচীৰ আয়োজন কৰিছে ৷
এই অনুষ্ঠানলৈ মুঠ ২১ জন পদ্ম বঁটা বিজয়ীক আমন্ত্ৰণ জনোৱা হৈছিল। সংসদ ভৱনৰ নতুনকৈ সম্প্ৰসাৰণ কৰা অংশত অনুষ্ঠিত হোৱা মত বিনিময় কাৰ্যসূচী লোকসভাৰ অধ্যক্ষ ওম বিৰলাই উদ্বোধন কৰে। ভাষণত তেওঁ বঁটা বিজয়ীসকলৰ দ্বাৰা কৰা মহান কামৰ শলাগ লয় আৰু তেওঁলোকৰ প্ৰচেষ্টাক প্ৰশংসা কৰে। তেওঁ লগতে কয় যে সাংসদসকলক বঁটা বিজয়ীসকলৰ প্ৰচেষ্টাৰ বিষয়ে অৱগত কৰাৰ বাবে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অধ্যক্ষই ‘সৰ্বশ্ৰেষ্ঠ পহল’ নামৰ এখন পুস্তিকাও মুকলি কৰে । কেইবাগৰাকীও সাংসদৰ উপৰি লোকসভাৰ মহাসচিব উৎপল কুমাৰ সিং আৰু লোকসভা সচিবালয়ৰ অতিৰিক্ত সচিব প্ৰসেনজিৎ সিং, লোকসভা সচিবালয়ৰ সঞ্চালক ড০ সীমা কৌল সিং উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ৷
উদ্বোধনী অধিৱেশনৰ পিছত আৰম্ভ হোৱা প্ৰেজেণ্টেচনসমুহ লোকসভা টিভিৰ দ্বাৰা ৰেকৰ্ড কৰা হৈছিল। ডাইনী হত্যাৰ বিৰুদ্ধে গঢ়ি তোলা যুদ্ধ আৰু এই অন্ধবিশ্বাস সমাজৰ পৰা নির্মূল কৰাৰ বাবে লোৱা প্ৰচেষ্টাসমুহ ড০ বিৰুবালা ৰাভাই প্ৰেজেণ্টেচনৰ জৰিয়তে উপস্থাপন কৰে ৷ তেওঁৰ সহকৰ্মী আৰু মিছন বিৰুবালা এন জি অ’ৰ কাৰ্যবাহী সদস্য অনামিকা বৰুৱাই মহিলা আৰু পুৰুষসকলক ডাইনী বুলি আখ্যা দি কিদৰে নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ লগতে হত্যা কৰা হয় সেই বিষয়ে বিশদ বাখ্যা ডাঙি ধৰে ৷ তেওঁ ড০ ৰাভাই এইক্ষেত্ৰত কৰি অহা কামৰ বিবৰণ ডাঙি ধৰে ৷ ২০০০ চনত নিজৰ গাঁৱৰ ৫ গৰাকী মহিলাক ডাইনী সজাই অত্যাচাৰ কৰি গাঁৱৰ পৰা উলিয়াই দিয়াৰ সময়তে ৰাভাই কিদৰে অকলে ইয়াৰ বিৰোধিতা কৰি প্ৰথমবাৰৰ বাবে এই অন্ধবিশ্বাসৰ বিৰুদ্ধে থিয় দিছিল তাৰ বাখ্যা আগবঢ়োৱা হয় ৷
৩০০ গৰাকী মহিলা উপস্থিত থকাএখন ৰাজহুৱা সভাত ডাইনী বুলি অভিহিত কৰা ৫ গৰাকী মহিলাৰ পক্ষত কেবল বিৰুবালা ৰাভাইহে থিয় দিছিল। যাৰ বাবে তেওঁৰ জীৱনলৈ নামি আহিছিল অন্ধকাৰ ৷ ডাইনী সজোৱা মহিলাকেইগৰাকীৰ পক্ষত থিয় দিয়াৰ বাবে বিৰুবালা ৰাভাৰ লগতে তেওঁৰ পৰিয়ালক ৩ বছৰৰ বাবে গাঁৱৰ পৰা বহিষ্কাৰ কৰা হৈছিল। অনকি গাওঁবাসীয়ে তেওঁকো ডাইনী বুলি আখ্যা দিবলৈ চেষ্টা কৰিছিল। কিন্তু তেওঁলোক সফল হ’ব নোৱাৰিলে, কিয়নো বিৰুবালা ৰাভা এক শক্তিশালী সত্বা আছিল ৷ ২০১১ চনত তেওঁ ডাইনী হত্যা নিৰ্মূলৰ বাবে যুঁজ দিবলৈ মিছন বিৰুবালা নামৰ এ নজি অ’ কৰে , য’ত তেওঁ এই অন্ধবিশ্বাসৰ বিৰুদ্ধে যুঁজ দিব বিচৰা লোকসকলক একত্ৰিত কৰে ৷
ৰাভাই তেওঁৰ প্ৰেজেণ্টেচন অসমীয়া ভাষাত উপস্থাপন কৰে আৰু তেওঁৰ সহকর্মী অনামিকা বৰুৱাই অনুবাদ কৰে ৷ । তেওঁ ডাইনী হত্যাৰ অন্তৰ্নিহিত কাৰণ যেনে ৰোগৰ প্ৰাদুৰ্ভাৱ, সম্পত্তিৰ বিবাদ, ভূমি দখলৰ অভিপ্ৰায়, ঈৰ্ষা, শত্ৰুতা, প্ৰেমৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰা, যৌন সম্পর্কৰ বাবে অস্বীকাৰ কৰা আদিৰ বিষয়ে বাখ্যা আগবঢ়াই । তথ্য লাভ কৰাৰ লগে লগে ভুক্তভোগীসকলক উদ্ধাৰ কৰা, সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা, বৈজ্ঞানিক মানসিকতা গঢ়ি তোলা, ভুক্তভোগীসকলক তেওঁলোকৰ পৰিয়াল আৰু গাঁৱত পুনৰ সংস্থাপন কৰা আদিৰ দৰে পদক্ষেপৰ জৰিয়তে মিছন বিৰুবালাই গ্ৰহণ কৰা পদক্ষেপৰ বিষয়েও সদৰী কৰা হয় ৷ । এন জি অ’ৰ প্ৰচেষ্টাৰ বাবে ডাইনী হত্যাৰ ঘটনা যথেষ্ট পৰিমাণে হ্ৰাস পাইছে বুলিও প্ৰকাশ কৰে তেওঁ ৷
ড০ বিৰুবালা ৰাভা আৰু বেচৰকাৰী সংগঠনটোৱে অসম ডাইনী হত্যা (প্ৰতিৰোধ আৰু সুৰক্ষা) আইন, ২০১৫ৰ খচৰা প্ৰস্তুত আৰু প্ৰণয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷ নিৰক্ষৰতা নিৰ্মূল কৰা, গ্ৰাম্য অঞ্চলত স্বাস্থ্য সেৱাৰ মানদণ্ড উন্নত কৰা , বৈজ্ঞানিক মানসিকতাক উৎসাহিত কৰা, গোচৰসমুহৰ সঠিক তদন্ত আৰু দ্ৰুত বিচাৰ প্ৰক্ৰিয়া, অসম ডাইনী হত্যা আইন, ২০১৫ অনুসৰি দোষীক দ্ৰুত আৰু কঠোৰ শাস্তি প্ৰদান কৰাৰ দৰে ব্যৱস্থা গ্ৰহণেৰে ডাইনী হত্যা নির্মূলৰ বাবে তেওঁ প্ৰস্তাৱ ডাঙি ধৰে ৷ । তেওঁ ২০১০ চনৰ পৰা ২০২০ চনলৈ ডাইনী হত্যাৰ ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ চি আই ডিৰ তথ্য তেওঁ উপস্থাপন কৰে ৷ । এই তথ্য অনুসৰি, কোকৰাঝাৰ জিলাত ১৫ গৰাকী মহিলা আৰু ৮ জন পুৰুষ হত্যাৰে তালিকাৰ শীৰ্ষত আছে ৷ তালিকাৰ দ্বিতীয় স্থানত থকা চিৰাঙত ১৩ গৰাকী মহিলা আৰু ৭ জন পুৰুষক হত্যা কৰা হৈছে ৷ তদুপৰি তিনিচুকীয়া জিলাত ৪ গৰাকী মহিলা আৰু ২ জন পুৰুষক হত্যা কৰা হৈছে ৷
আৰক্ষী প্ৰশাসন, গাওঁ পঞ্চায়ত, গাঁও সুৰক্ষা বাহিনী, আইনী সেৱা কৰ্তৃপক্ষই ডাইনী হত্যাৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ ভুমিকা পালন কৰিব লাগিব বুলিও উল্লেখ কৰে ৷ তেওঁ লগতে কয় যে ডাইনী হত্যা এতিয়াও আমাৰ সমাজত অব্যাহত আছে ৷ মিছন বিৰুবালাই এই অন্ধবিশ্বাসৰ বিৰুদ্ধে যঁজ চলাই যাব বুলিও তেওঁ প্ৰকাশ কৰে ৷ ‘আমি মহিলা অসম দেশৰ’ শীর্ষক এটা গীতেৰে নিজৰ ভাষণ সামৰে ৷