আজি সন্ধিয়া নতুন দিল্লীত প্ৰদান কৰা হ’ব ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ৷ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বটাঁ । এই অনুষ্ঠানতে ভাৰতীয় চিনেমা জগতলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে ২০২০ চনৰ দাদাচাহেব ফাল্কে বঁটা প্ৰদান কৰা হ’ব কিংবদন্তি অভিনেত্ৰী আশা পাৰেখক।
আনহাতে শ্ৰেষ্ঠ ছবিৰ বঁটা প্ৰদান কৰা হ’ব তামিল ছবি ছুৰাৰাই পট্ৰুক। হিন্দী ছবি তনহাজী: দ্য আনছাং ৱাৰিয়ৰ’ই লাভ কৰিব শ্ৰেষ্ঠ জনপ্ৰিয় ছবিৰ বঁটা।
ডাংগী ভাষাৰ নন-ফিচাৰ ফিল্ম টেষ্টিমনি অৱ আনাক দিয়া হ’ব শ্ৰেষ্ঠ নন-ফিচাৰ ফিল্মৰ বঁটা। মাৰাঠী ফিল্ম ফিউনাৰেলক সামাজিক বিষয়ত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মান প্ৰদান কৰা হ’ব।
অজয় দেৱগন আৰু সূৰিয়াই গ্ৰহণ কৰিব শ্ৰেষ্ঠ অভিনেতাৰ বঁটা ৷ আনহাতে অপৰ্ণা বালামুৰালীয়ে লাভ কৰিব শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান ৷ ছুৰাৰাই পট্ৰুৰ কৰা অভিনয়ৰ বাবে তেওঁক এই সন্মান প্ৰদান কৰা হৈছে ৷ মাৰাঠী ফিল্ম সুমীয়ে লাভ কৰিব শ্ৰেষ্ঠ শিশু চলচ্চিত্ৰৰ বঁটা।
ইপিনে আজি ৰজত কমল বটাঁ গ্ৰহণ কৰিব অসমীয়া ছবি ব্ৰিজে ৷ ইতিমধ্যে পৰিচালক কৃপাল কলিতা আৰু এগৰাকী প্ৰযোজক সবিতা দেবী দিল্লীত উপস্থিত হৈছে ৷ তেওঁলোকে ৰাষ্ট্ৰপতিৰ পৰা এই বটাঁ গ্ৰহণ কৰিব ৷