শ্ৰীলংকাত সৃষ্টি হোৱা অর্থনৈতিক দুৰৱস্থাৰ বাবে তীব্ৰ সংকটৰ সন্মুখীন হোৱা জনতাৰ প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰিছে ৷ দেশখনৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষৰ পদত্যাগৰ দাবীৰে আৰম্ভ হৈছে প্ৰতিবাদ ৷ ইয়াৰ মাজতে শুকুৰবাৰে পুৱতি নিশা দেশজুৰি সামুহিক জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে ৰাষ্ট্ৰপতি গৰাকীয়ে ৷ ৰাষ্ট্ৰপতি গৰাকীয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ লগে লগে সামৰিক বাহিনীয়ে যিকোনো লোককে কোনোধৰণৰ সোধ পোচ নকৰাকৈ গ্ৰেপ্তাৰ কৰিব পাৰিব ৷বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী কার্যসুচীয়ে হিংসাত্মক ৰূপ ধাৰণ কৰিছিল ৷ ৰাষ্ট্ৰপতিৰ বাসভৱনৰ সন্মুখত প্ৰতিবাদ কৰাৰ লগতে ৰাজপথৰ বাহনত অগ্নিসংযোগ কৰিছিল প্ৰতিবাদকাৰীয়ে ৷
কেইবা ঘণ্টাধৰি শ শ প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হয় । বিদেশী মুদ্ৰাৰ লেনদেনৰ অভাৱত ৰাজপাক্ষৰ চৰকাৰে ইন্ধনকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ আমদানিৰ বাবে ধন পৰিশোধ কৰিবলৈ ব্যর্থ হৈছে ৷ যাৰ ফলত ১৩ ঘণ্টালৈকে বিদ্যুৎ কৰ্তন হৈছে।
তিনিদিনীয়া দিল্লী ভ্ৰমণত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে আৰু ৰাজ্য চৰকাৰক শ্ৰীলংকাৰ তামিলসকলক মানৱীয় সাহায্য প্ৰদান কৰিবলৈ অনুমতি দিবলৈ কেন্দ্ৰক আহ্বান জনায়। তেওঁ কয় যে দ্বীপৰাষ্ট্ৰখনৰ অৰ্থনৈতিক সংকটৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ বহুতে লংকাৰ পৰা পলায়ন কৰি সাগৰীয় পথৰ মাজেৰে ৰাজ্যলৈ আহিছে।