দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেইবাজনো বিশিষ্ট নেতাই আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যু বাৰ্ষিকীত ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত প্ৰয়াত মন্ত্ৰী গৰাকীৰ সমাধি ‘সদৈব অটলত’ পুষ্পাঞ্জলি অৰ্পণ কৰি তেওঁক শ্ৰদ্ধা জ্ঞাপন কৰে ৷
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ মৃত্যু বাৰ্ষিকীত ‘সদৈব অটল’ত পুষ্পাঞ্জলি অৰ্পণ কৰে।আনহাতে নৱনিৰ্বাচিত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে, প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডায়ো বাজপেয়ীৰ মৃত্যু বাৰ্ষিকীত সদৈব অটলত পুষ্পাঞ্জলি জ্ঞাপন কৰে।
ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল অটল বিহাৰী বাজপেয়ী ৷ ১৯৯৬ আৰু ১৯৯৯ চনত দুবাৰকৈ প্ৰধান মন্ত্ৰীপদত নিৰ্বাচিত হৈছিল তেওঁ। ভাৰতীয় জনতা পাৰ্টিৰ এজন সদস্য, বাজপেয়ীয়ে ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনত ছাত্ৰ নেতা হিচাপে যোগদান কৰিছিল।
তেওঁক তেওঁৰ জন্মদিনত অৰ্থাৎ ২৫ ডিচেম্বৰ, ২০১৫ চনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল।
আনহাতে নৰেন্দ্ৰ মোডী চৰকাৰে ২৫ ডিচেম্বৰ, তেওঁৰ জন্মদিনটো সুশাসন দিৱস হিচাপে ঘোষণা কৰিছিল। তেওঁৱেই আছিল প্ৰথম গৰাকী অ-কংগ্ৰেছী ৰাজনৈতিক নেতা যি ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। ২০১৮চনৰ ১৬ আগষ্টত এিগৰাকী মহান নেতাৰ দেহাৱসান ঘটে ৷