মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া ছাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমবাৰৰ বাবে এই বৈঠকৰ সভাপতিত্ব কৰিব। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাদিমিৰ পুটিন, চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং, পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ আৰু মধ্য এছিয়াৰ বিভিন্ন দেশৰ মুৰব্বীসকলে তেওঁৰ অধ্যক্ষতাত এই ভাৰ্চুৱেল সন্মিলনত অংশগ্ৰহণ কৰিব। যোৱা বছৰৰ ডিচেম্বৰ মাহত উজবেকিস্তানৰ সমৰকন্দত অনুষ্ঠিত হোৱা এই সন্মিলনত মোদীয়ে অংশ লৈছিল।
মূলতঃ চাৰিটা বিষয় এই সন্মিলনত আলোচনা কৰিব পাৰি। ইয়াৰ ভিতৰত ‘দিল্লী ঘোষণা’, উগ্ৰবাদ প্ৰতিহত আৰু ডিজিটেল ৰূপান্তৰ। ইয়াৰ উপৰিও অৰ্থনৈতিক সহযোগিতাৰ চুক্তিৰ বিষয়েও আলোচনা হ’ব পাৰে। কিন্তু বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ (বি আৰ আই)ক লৈ চীনৰ সৈতে হোৱা মতানৈক্যৰ বাবে সকলো দেশে বিশেষকৈ ভাৰতে চুক্তি স্বাক্ষৰ কৰিব নে নাই সেয়া স্পষ্ট হোৱা নাই। প্ৰথম অৱস্থাত সকলো দেশৰ শীৰ্ষ নেতাই ব্যক্তিগতভাৱে এই সন্মিলনত অংশগ্ৰহণ কৰাৰ কথা আছিল যদিও পিছলৈ এই সন্মিলন ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে আয়োজন কৰাৰ সিদ্ধান্ত লোৱা হয়। সন্মিলনৰ সময়ো কৰ্তন কৰা হৈছে। এই সন্মিলন দিনৰ ১২:৩০ বজাৰ পৰা আৰম্ভ হ’ব। দুপৰীয়া ৩.৩০ বজাত শেষ হ’ব। ভাৰতত ৰাছিয়াৰ ৰাষ্ট্ৰদূত ডেনিছ আলিপভে কয়, ‘ভাৰচুৱেলি এই শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰাৰ ভাৰতৰ সিদ্ধান্তক আমি সন্মান কৰো। যদিও ৰাছিয়াই ব্যক্তিগতভাৱে সন্মিলনত অংশগ্ৰহণৰ বাবে প্ৰস্তুতি চলাইছিল ৷”
ৰাছিয়া, চীন, ভাৰত, পাকিস্তান, কাজাখস্তান, কিৰ্গিস্তান, তাজিকিস্তান, উজবেকিস্তান — এই ৮খন দেশ এতিয়া চাংহাই সহযোগিতা সংস্থাৰ সম্পূৰ্ণ সদস্য। ইয়াৰ উপৰিও ৪খন দেশ — আফগানিস্তান, বেলাৰুছ, ইৰাণ আৰু মংগোলিয়া — পৰ্যবেক্ষকৰ সদস্য। আলোচনাৰ অংশীদাৰ হিচাপে ৯খন দেশ আছে — আৰ্মেনিয়া, আজাৰবাইজান, ইজিপ্ত, কাটাৰ, নেপাল, শ্ৰীলংকা, তুৰস্ক, কম্বোডিয়া আৰু চৌদি আৰব। ছ’চিঅ’ পৰম্পৰা অনুসৰণ কৰি আয়োজক ৰাষ্ট্ৰ তুৰ্কমেনিস্তানেও নিমন্ত্ৰণ লাভ কৰিছে। এই বছৰ ইৰাণক এছচিঅ’ৰ সদস্য হিচাপে অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে। আনহাতে, ৰাছিয়াৰ মূল মিত্ৰ দেশ বেলাৰুছ এছচিঅ’ত অন্তৰ্ভুক্ত হোৱাৰ প্ৰক্ৰিয়াত আছে আৰু অহা বছৰৰ ভিতৰত ইয়াৰ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। ভাৰত আগতে এই মিত্ৰতাৰ সম্পূৰ্ণ সদস্য নাছিল। ২০১৭ চনত সম্পূৰ্ণ সদস্য হৈছিল ভাৰত ।