আজিৰে পৰা আৰম্ভ হৈছে সংসদৰ বাজেট অধিৱেশন ৷ বাজেট অধিৱেশনৰ আৰম্ভনিৰ দিনটোতে সংসদত ভাষণ প্ৰদান কৰি ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ শলাগ লয় ৷ ক’ভিড মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ পৰা আৰম্ভ কৰি আন্তঃগাঠনি উন্নয়নলৈকে গ্ৰহণ কৰা পদক্ষেপ সন্দর্ভত নিজৰ ভাষণত উল্লেখ কৰে কোৱিন্দে ৷ তেওঁ কয় ,”কোভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতৰ সামৰ্থ্য ইয়াৰ টীকাকৰণ কাৰ্যসূচীত স্পষ্ট হৈ পৰিছে। এবছৰতকৈও কম সময়ৰ ভিতৰত, আমি 150 কোটিৰো অধিক ভেকছিন প্ৰদান কৰাৰ অভিলেখ গঢ়িছো। ভেকচিন প্ৰদানৰ সংখ্যাৰ ক্ষেত্ৰত আমি পৃথিৱীৰ অন্যতম আগশাৰীৰ ৰাষ্ট্ৰ।”উল্লেখ্য যে আজিৰ পৰা আৰম্ভ হোৱা বাজেট অধিৱেশন 8 এপ্ৰিলত সমাপ্ত হ’ব ৷ অধিৱেশনৰ প্ৰথমভাগ ১১ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ’ব ৷ । ১২ ফেব্ৰুৱাৰীৰ পৰা ১৩ মাৰ্চলৈ বিৰতিৰ দিন ধার্য কৰা হৈছে ৷ এই সময়ছোৱাতে স্থায়ী সমিতিয়ে বাজেটৰ আৱণ্টনসমূহ পৰীক্ষা কৰিব ।
ইপিনে আজিৰ ভাষণত ৰাষ্ট্ৰপতিয়ে কয় “জম্মু-কাশ্মীৰৰ লোকসকলক শিক্ষা, স্বাস্থ্য আৰু নিযুক্তিৰ ক্ষেত্ৰত উন্নত সুযোগ প্ৰদান কৰাৰ বাবে লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ। ২খন এইমছৰ নির্মানৰ লগতে ৭খন চিকিৎসা মহাবিদ্যালয়ৰ নির্মানকার্য চলি আছে।”ৰাষ্ট্ৰপতি কোবিন্দে তেওঁৰ ভাষণত টকিঅ’ অলিম্পিক আৰু পেৰালিম্পিকত ভাৰতৰ প্ৰদৰ্শনক প্ৰশংসা কৰে। তেওঁ কয় “আমি টকিঅ’ অলিম্পিকত ভাৰতৰ যুৱ শক্তিৰ সামৰ্থ্য দেখিছিলো। সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াই ভাৰতে ৭ টা পদক লাভ কৰিছিল ৷ টকিঅ’ পেৰালিম্পিকতো ভাৰতে ১৯ টা পদক লাভেৰে অভিলেখ গঢ়িছিল।“ একে সময়তে তেওঁ কয় যে দেশৰ উন্নয়নত কৃষকসকলৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অংশ হিচাপে আজিলৈকে ১১ কোটিৰো অধিক পৰিয়াল উপকৃত হৈছে ৷
চৰকাৰে মহিলাসকলক সৱলীকৰণৰ বাবে গ্ৰহণ কৰা আচঁনি সন্দর্ভত ৰাষ্ট্ৰপতি কোবিন্দে কয়: “মহিলা সবলীকৰণ মোৰ চৰকাৰৰ শীৰ্ষ অগ্ৰাধিকাৰসমূহৰ ভিতৰত অন্যতম। আমি উজ্জ্বলা যোজনাৰ সফলতাৰ সাক্ষী। মুদ্ৰা যোজনাৰ জৰিয়তে মহিলাসকলৰ উদ্যোগ আৰু দক্ষতা বৃদ্ধি পাইছে। বেটি বচাও, বেটি পঢ়াওৰ ইতিবাচক ফলাফল অমি দেখি আহিছো ৷ পুত্ৰ আৰু কন্যাসকলক সমান মৰ্যাদা প্ৰদান কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে মোৰ চৰকাৰে মহিলাৰ বিবাহৰ ন্যুনতম বয়স ১৮ ৰ পৰা ২১ বছৰলৈ বৃদ্ধি কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ৷ “
সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই অধিৱেশনে বিশ্বৰ আগত ভাৰতৰ অৰ্থনৈতিক বিকাশ প্ৰদৰ্শন কৰিব।