তিনিদিনীয়া কার্যসুচীৰে কাইলৈ অর্থাৎ শুকুৰবাৰে অসমলৈ আহিব দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ ৷ কাইলৈ নতুন দিল্লীৰ পৰা ৰাষ্ট্ৰপতি গৰাকী পোনে পোনে আহি গুৱাহাটীত উপস্থিত হ’ব ৷ প্ৰথমে তেওঁ নীলাচল পাহাৰত থকা কামাখ্য ধাম দর্শন কৰিব ৷ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আর্ন্তজাতিক প্ৰেক্ষাগৃহত সন্ধিয়া আন এক কার্যসূচীত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতি গৰাকীয়ে ৷ এই অনুষ্ঠানতে তেওঁ যোৰহাটত থকা লাচিত বৰফুকনৰ সমাধি ক্ষেত্ৰৰ সমপ্ৰসাৰণ আৰু আধুনিকীকৰণৰ লগতে আলবৈৰ ৰণৰ স্মৃতিক্ষেত্ৰত নির্মাণ কৰিবলগীয়া যুদ্ধ স্মাৰকৰ আধাৰশিলা স্থাপন কৰিব ৷ নিশা গুৱাহাটীত কটোৱাৰ পাছতে কোৱিন্দ অহা ২৬ ফেব্ৰুৱাৰীত উপস্থিত হ’ব ঐতিহ্যমণ্ডিত তেজপুৰ চহৰত ৷ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহন কৰিব ৰাষ্ট্ৰপতি কোৱিন্দে ৷ তেজপুৰৰ পৰা হেলিকপ্টাৰেৰ তেওঁ আহি উপস্থিত হ’ব কাজিৰঙাত ৷ ২৬ ফেব্ৰুৱাৰীৰ বিয়লি বাগৰিত তেওঁ জীপ চাফাৰীৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ সোন্দর্য্য উপভোগ কৰিব ৷ ২৬ ফেব্ৰুৱাৰীৰ নিশা ৰাষ্ট্ৰপতি গৰাকীয়ে আয়’ৰা ৰিজ’র্টত কটাব ৷ ২৭ ফেব্ৰুৱাৰীৰ পুৱা তেওঁ কহঁৰাত হাতী চাফাৰী কৰিব ৷ ইয়াৰ পাছতে পুনৰ নতুন দিল্লীলৈ ওভতি যাব কোৱিন্দ ৷ ৰাষ্ট্ৰপতি গৰাকীৰ আগমনক লৈ গুৱাহাটী, তেজপুৰ আৰু কাজিৰঙাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে ৷ লগতে মেৰামতি কৰা হৈছে পথসমূহ ৷ নতুন ৰঙ দিয়া হৈছে পথৰ ডিভাইডাৰ সমূহত ৷ কাজিৰঙাতে তেওঁ এখন পর্যালোচনা বৈঠকতো অংশগ্ৰহণ কৰিব ৷ ইপিনে ৰাষ্ট্ৰপতিৰ আগমণক কেন্দ্ৰ কৰি গুৱাহাটীত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷ অহা ২৫ ফেব্ৰুৱাৰীত কোৱিন্দৰ আগমণৰ বাবে বন্ধ ৰাখিব লাগিব গুৱাহাটীৰ পদপথৰ সকলো দোকান ৷ মহানগৰীত বাহন চলাচলৰ লগতে কামাখ্য দর্শন কৰিবলৈ অহা যাত্ৰীসকলৰ ক্ষেত্ৰতো নতুন নিয়ম বান্ধি দিয়া হৈছে ৷ ২৫ ফেব্ৰুৱাৰীত ভক্তসকলে কামাখ্যাৰ মূল পথৰ বিপৰীতে নতুন পাণ্ডু টেম্পল ঘাট পথ ব্যৱহাৰ কৰিব লাগিব ৷