গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতালৰ অধীক্ষক অভিজিৎ শৰ্মাই এক সংবাদমেল যোগে কভিডৰ নতুন ভেৰিয়েণ্ট অমিক্ৰম সন্দৰ্ভত জনাইছে যে,
• সৰুসজাই কভিড হস্পিতাল সাজু হৈ আছে। প্ৰয়োজন হ’লে ব্যৱহাৰ কৰা হ’ব।
• কভিড এতিয়াও আছে। মাস্ক, চেনিটাইজাৰ ব্যৱহাৰ কৰিবই লাগিব।
• প্ৰায় ১০ হাজাৰ ৰোগীৰ ওপৰত এটা পৰীক্ষা চলোৱা হৈছিল।
• ভেকচিন নোলোৱা ৮৫% লোকৰ মৃত্যু হৈছিল।
• বাকী সকলৰ মাজত ভেকচিন লোৱা লোকো আছিল।
• ভেকচিন ল’লে মৃত্যুৰ হাৰ বহু কমি যায়।
• অমিক্ৰণৰ পৰা শিশু সকলক ৰক্ষা কৰিবলৈ বিশেষ আহ্বান জি এম চি ৰ অধীক্ষকৰ। লগতে পিকনিকলৈ নাযাবলৈ, কভিড প্ৰটকল মানি বিয়া সমাৰোহলৈ যাবলৈ আহ্বান জনায়।