VOICE 24x7
Wednesday, May 7, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

৯৬০০ টকালৈ দৰমহা বৃদ্ধিৰ আহ্বান মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাৰ

voicedesk by voicedesk
August 18, 2021
in মুখ্য সংবাদ, জীৱন
৯৬০০ টকালৈ দৰমহা বৃদ্ধিৰ আহ্বান মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাৰ
0
SHARES
19
VIEWS
Share on FacebookShare on Twitter

বিগত বহু সময়জুৰি সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক ৰান্ধনী সহায়িকা সন্থাই তেওঁলোকৰ দাবীসমূহ পূৰণ কৰাৰ অৰ্থে সংবাদমেলৰ আয়োজন কৰাৰ লগতে বাদ-প্ৰতিবাদৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। কিন্তু এই পৰ্যন্ত তেওঁলোকে চৰকাৰৰ পৰা আশানুৰূপ সঁহাৰি লাভ কৰা নাই।

বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজন ৰান্ধনী সহায়িকা সন্থাই এক সংবাদ মেল যোগে তেওঁলোকৰ দাবীসমূহ প্ৰকাশ কৰে। এই দাবীসমূহৰ ভিতৰত ৰান্ধনী সহায়িকাসকলৰ মহিলী বেতন ১৫০০ টকাৰ পৰা ৯৬০০ টকালৈ বৃদ্ধি কৰা, মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলক পেঞ্চন তথা চিকিৎসাৰ সুবিধা প্ৰদান কৰাৰ লগতে মধ্যাহ্ন ভোজন আঁচনিখন কোনো কাৰণতে ব্যক্তিগত প্ৰতিষ্ঠানক প্ৰদান নকৰা দাবী উল্লেখযোগ্য।

ক’ভিড সৃষ্ট আৰ্থিক সংকটৰ এই সময়ত প্ৰয়োজনীয়সকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যে ৰান্ধনী সহায়িকা সন্থাৰ তৰফৰ পৰা প্ৰতিগৰাকী কৰ্মচাৰীৰ আগষ্ট মাহৰ দৰমহাৰ পৰা ১০ টকাকৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা সন্থাই অৱগত কৰে।

বিগত সময়ছোৱাত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিও কোনো সুফল নোপোৱা সন্থাৰ দাবীসমূহ চৰকাৰে পূৰণ নকৰিলে পৰৱৰ্তী সময়ত অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ পৰা নতুনকৈ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ কথাও সংবাদ মেলতে ঘোষণা কৰে। 

উল্লেখযোগ্য যে পূৰ্বতে বহু আন্দোলনৰ কাৰ্যসূচী সন্থাৰ ফালৰ পৰা গ্ৰহণ কৰা হৈছিল যদিও আজি পৰ্যন্ত কোনো সুফল লাভ নকৰাৰ পৰিপ্ৰেক্ষিতত মধ্যাহ্ন ভোজন কৰ্মচাৰীসকল বিভিন্ন সা সুবিধাৰ পৰা বঞ্চিত হৈ আছে বুলিও সংবাদ মেলত উল্লেখ কৰা হয়।

ৰান্ধনী সহায়িকাসকল ৰাজপথলৈ ওলাই আহি তীব্ৰ আন্দোলনৰ কার্যসূচী গ্ৰহণ কৰিবলগীয়া হ’লে যি অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হ’ব তাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী জগৰীয়া হ’ব বুলি তেওঁলোকে মন্তব্য কৰে।

ছেপ্টেম্বৰৰ ৬ তাৰিখৰ দিনা প্ৰায় ৮০০০ কৰ্মীয়ে শিৱসাগৰত প্ৰথমটো কাৰ্যসূচী গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত মৰীয়নী, গুৱাহাটী আৰু অৱশেষত দিল্লীত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি সন্থাৰ এগৰাকী কৰ্মীয়ে কয় যে কোনো এজন শিক্ষা মন্ত্ৰীয়েই তেওঁলোকৰ কথাত গুৰুত্ব প্ৰদান নকৰিলে। ক’ভিড সৃষ্ট পৰিৱেশৰ মাজত ভাগিনীয়েকসকল কেনেকৈ আছে তাৰ খবৰ মামা অৰ্থাৎ মুখ্যমন্ত্ৰীগৰাকীয়ে ন’ললে বুলিও অভিযোগ উত্থাপন কৰে।

Previous Post

বিশ্বৰ আটাইতকৈ দামী দুৰ্লভ প্ৰজাতিৰ চাহপাতবিধ

Next Post

সম্বৰ্ধনা অনুষ্ঠানত হঠাৎ অসুস্থ হৈ পৰিল অলিম্পিক স্বৰ্ণ জয়ী নীৰজ চোপ্ৰা

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
সম্বৰ্ধনা অনুষ্ঠানত হঠাৎ অসুস্থ হৈ পৰিল অলিম্পিক স্বৰ্ণ জয়ী নীৰজ চোপ্ৰা

সম্বৰ্ধনা অনুষ্ঠানত হঠাৎ অসুস্থ হৈ পৰিল অলিম্পিক স্বৰ্ণ জয়ী নীৰজ চোপ্ৰা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7