চিকিৎসালয়ত ভৰ্তি ভুক্তভোগী তথা তেওঁৰ মাতৃক সাক্ষাৎ কৰিবলৈ নিদিয়া দিল্লী আৰক্ষীৰ বিৰুদ্ধে ‘গুণ্ডাগিৰি’ৰ অভিযোগ উত্থাপন কৰিছে দিল্লী মহিলা আয়োগৰ মুৰব্বী স্বাতী মালিৱালে ৷ কেৱল সেয়াই নহয়, ভুক্তভোগীক সাক্ষাৎ কৰিবলৈ নিশাটো চিকিৎসালয়ৰ মজিয়াত কটালে তেওঁ । মহিলা আয়োগৰ মুৰব্বীগৰাকীয়ে মজিয়াত শুই নিশা পাৰ কৰে ৷
মালিৱালে সংবাদ সংস্থা এএনআইক কয়, ‘দিল্লী আৰক্ষীয়ে গুণ্ডাগিৰিক প্ৰ শ্ৰয় দিছে । ভুক্তভোগী আৰু তেওঁৰ মাতৃক সাক্ষাৎ কৰিবলৈ দিয়া নাই। শিশু সুৰক্ষা আয়োগৰ অধ্যক্ষকো ভুক্তভোগী মাতৃক সাক্ষাৎ কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছে ৷ মই বুজি পোৱা নাই দিল্লী আৰক্ষীয়ে মোৰ পৰা কি লুকুৱাবলৈ চেষ্টা কৰিছে!” ইয়াৰ পাছতে মালিৱালে প্ৰশ্ন উত্থাপন কৰে যে, যদি শিশু সুৰক্ষা আয়োগৰ অধ্যক্ষক বৈঠকত মিলিত হ’বলৈ দিয়া হয়, তেন্তে তেওঁক কিয় বাধা দিয়া হৈছে?
সোমবাৰে বিয়লিৰে পৰা চিকিৎসালয়ত অপেক্ষা কৰি আছে দিল্লী মহিলা আয়োগৰ মুৰব্বীগৰাকীয়ে । ভুক্তভোগী আৰু মাতৃক লগ নোপোৱাকৈ চিকিৎসালয়ৰ পৰা ওলাই নাযায় বুলিও তেওঁ সকীয়াই দিয়ে। স্বতীয়ে কয়, ‘মই জানিব বিচাৰো যে ভুক্তভোগীক কোনো ধৰণে সহায় কৰা হৈছে নেকি? তেওঁৰ চিকিৎসা ভাল হৈছে নে নাই আমি জানিব লাগিব।’
এগৰাকী কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে দিল্লী চৰকাৰৰ এগৰাকী শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ বিৰুদ্ধে । এতিয়া সেই ঘটনাক লৈ যথেষ্ট হুলস্থুলৰ সৃষ্টি হৈছে । আৰক্ষীৰ তথ্য অনুসৰি অভিযুক্তৰ নাম প্ৰেমোদয় খাখা। দিল্লী চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ বিভাগৰ উপ-সঞ্চালক। উত্তৰ দিল্লীৰ এটা স্থানীয় অঞ্চলৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰেমোদয় আৰু তেওঁৰ পত্নীক। দম্পতীহালে পলায়নৰ চেষ্টা কৰাৰ সময়তে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয় ৷ ইতিমধ্যে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ নিৰ্দেশত চৰকাৰী বিষয়াগৰাকীক পদৰ পৰা নিলম্বন কৰা হৈছে।
আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তক কিশোৰী গৰাকীয়ে ‘মামা’ বুলি মাতিছিল । ২০২০ চনত পিতৃৰ মৃত্যুৰ পিছত তেওঁ ‘মামা’ৰ ঘৰত বাস কৰিছিল। ২০২০ চনৰ নৱেম্বৰৰ পৰা ২০২১ চনৰ জানুৱাৰী মাহৰ ভিতৰত ছোৱালীজনীয়ে সেই ‘মামা’ৰ বিৰুদ্ধে বহুবাৰ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰিছিলছিল। কেৱল সেয়াই নহয় প্ৰেমোদয়ৰ পত্নী সীমাৰাণীয়ে ছোৱালীজনীক গৰ্ভপাত কৰিবলৈ বাধ্য কৰিছিল বুলিও অভিযোগ উঠিছে ৷