সম্পূৰ্ণ ২০ মাহৰ মূৰত আজিৰে পৰা অসমত প্ৰাথমিক আৰু হাইস্কুল সমূহত পাঠদান আৰম্ভ হৈছে। মাস্ক পৰিধান কৰি হাতত ছেনিটাইজাৰ লৈ কভিদ বিধি মানি ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ আহিছে।
বিদ্যালয়সমূহত চাফ চিকুনতাৰ ওপৰত বিশেষ ভাবে গুৰুত্ব আৰোপ কৰিছে। কভিদ বিধি পালন কৰি ২০ মাহৰ মূৰত শিক্ষক শিক্ষয়িত্ৰীসকলে নতুন উদ্যমেৰে পাঠদান আৰম্ভ কৰিছে। বহু দিনৰ মূৰত বিদ্যায়ললৈ অহা ছাত্ৰ ছাত্ৰীৰ মাজত উৎফুল্লতা দেখা পোৱা গৈছে।
অসম চৰকাৰৰ নিৰ্দেশনা অনুসৰি প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ সপ্তাহত তিনিদিনকৈ পাঠদান অনুষ্ঠিত হ’ব। শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীৰ সংখ্যা ৩০ জনতকৈ অধিক হ’ব নোৱাৰিব।
লক্ষণীয়ভাৱে দুৰ্গা পূজাত ব্যাপক জন সমাগমৰ পিছত ৰাজ্যত কভিদৰ হাৰ কিছু বৃদ্ধি পোৱা দেখা গৈছে। আগন্তুক নিৰ্বাচনে পুনৰ কভিদ পৰিস্থিতিত প্ৰভাৱ পেলাব পাৰে বুলি সচেতন মহল চিন্তিত হৈ পৰিছে।
কভিদৰ হাৰ জিলাসমূহত ২% লৈ বৃদ্ধি পালেই শিক্ষানুষ্ঠানসমূহ পুনৰ বন্ধ হ’ব পাৰে বা কিছু সাল সলনি হ’ব পাৰে বুলি ইতিমধ্যে কভিদ বিধিত উল্লেখ কৰা হৈছে।
উল্লেখযোগ্য যে নৱম, দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান পূৰ্বেই আৰম্ভ হৈছে।