অহা ১৭চেপ্টেম্বৰত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭২তম জন্মদিন৷ দেশৰ প্ৰধান মন্ত্ৰী গৰাকীৰ ৭২তম জন্মদিন উপলক্ষে উক্ত দিনটোত সমগ্ৰ অসমতে ১লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু ১হাজাৰ অমৃত সৰোবৰ আৱণ্টন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে অসমৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷
বৰপেটাৰোডৰ বিজেপিৰ ১৬০নং বুঠ কমিটিৰ উদ্যাগত দেওবাৰে অনুষ্ঠিত প্ৰধান মন্ত্ৰীৰ মন কি বাত অনুষ্ঠানত অংশ গ্ৰহণ কৰি মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে ৰাজ্যখনত তিনি হাজাৰ সাতটা অমৃত সৰোবৰ নিৰ্মাণ কৰাৰ বাবে পদক্ষেপ লোৱাৰ কথা উল্লেখ কৰে ৷ অহা ১৭ চেপ্টেম্বৰ তাৰিখে দেশৰ প্ৰধান মন্ত্ৰী গৰাকীৰ জন্মদিন উপলক্ষে সেইদিনটোতে এক হাজাৰ অমৃত সৰোবৰৰ কাম আৰম্ভ কৰিব বুলিও মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে ৷
ৰাজ্য চৰকাৰৰ মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়া মতে অমৃত সৰোবৰ নিৰ্মাণৰ বাবে অতি শীঘ্ৰেই মুকলি কৰা হ’ব এক প’ৰ্টেল ৷ আনহাতে প্ৰধান মন্ত্ৰীৰ জন্ম দিনটোত ১লাখ ঘৰ আৱণ্টন দিয়া হ’ব বুলি কয় মন্ত্ৰী গৰাকীয়ে ৷ ৰাজ্যৰ পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগে দেশৰ বাবে নিৰলসভাৱে কাম কৰি থকা দেশৰ সেৱাত নিজকে সমৰ্পণ কৰাৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনটো এনেদৰে উদযাপন কৰাৰ সিদ্ধান্ত লোৱা বুলি জানিবলৈ দিয়ে মন্ত্ৰী ৰঞ্জিৎ দাসে ৷