প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰত নালন্দা বিশ্ববিদ্যালয়ৰ নতুন চৌহদ উদ্বোধন কৰে। তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছত এয়া তেওঁৰ প্ৰথম বিহাৰ ভ্ৰমণ। নালন্দাৰ উদ্বোধনী অনুষ্ঠানত মোদীয়ে কয় যে ভাৰতৰ পৰম্পৰা এই বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত। দেশৰ সন্মান, পৰিচয় আৰু মূল্যবোধ এই বিশ্ববিদ্যালয়ৰ সৈতে জড়িত। লগতে শপতগ্ৰহণৰ কেইদিনমানৰ ভিতৰতে এই বিশ্ববিদ্যালয়ত উপস্থিত হ’বলৈ পাই নিজকে ভাগ্যৱান বুলিও কয় মোদীয়ে ।
নালন্দা ভ্ৰমণ কৰি মোদীয়ে কয় –“ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ ১০ দিনৰ ভিতৰত এই বিশ্ববিদ্যালয়লৈ আহিবলৈ পাই মই অতি সুখী। নালন্দা কেবল নাম নহয়, ই এক পৰিচয়। জুইয়ে কিতাপ জ্বলাই পেলাব পাৰে। কিন্তু জ্ঞান ধ্বংস কৰিব নোৱাৰে।”
মোদীয়ে কয় যে নালন্দা হৈছে ভাৰতৰ ভাতৃত্ববোধৰ মন্ত্ৰ ‘বসুধৈৱ কুটুম্বকম’ৰ আত্মা। এই বিশ্ববিদ্যালয়খন কেৱল ভাৰতৰেই নহয়, সমগ্ৰ এছিয়াৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অংশ। বিশ্বৰ বিভিন্ন দেশৰ ছাত্ৰ-ছাত্ৰীয়ে বছৰ বছৰ ধৰি ইয়ালৈ আহি জ্ঞান আহৰণ কৰি আহিছে। বৰ্তমান নালন্দাত ২০ খনতকৈও অধিক দেশৰ ছাত্ৰ-ছাত্ৰী আছে।
নালন্দাত নতুন চৌহদ উদ্বোধন কৰাৰ পূৰ্বে বিশ্ববিদ্যালয়খনৰ প্ৰাচীন ধ্বংসাৱশেষ পৰিদৰ্শন কৰে মোদীয়ে। । নতুন কেম্পাছ উদ্বোধনী অনুষ্ঠানত মোডীৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, বিহাৰৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰ, মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু নালন্দা আচাৰ্য অৰবিন্দ পানাগাৰিয়া উপস্থিত থাকে। ইয়াৰ উপৰিও অষ্ট্ৰেলিয়া, বাংলাদেশ, ভূটান, ব্ৰুনাই, চীন, ইণ্ডোনেছিয়া, কম্বোডিয়াকে ধৰি ১৭খন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।
নালন্দাত থকা নতুন কেম্পাছটোত দুটা ব্লক আছে। দুয়োটা ক্ষেত্ৰতে ৪০টা শ্ৰেণীকোঠা আছে। ইয়াৰ বাহিৰেও ৩০০ খনকৈ আসন থকা দুটাকৈ প্ৰেক্ষাগৃহ আছে। নালন্দাৰ এই কেম্পাছৰ হোষ্টেলত সৰ্বাধিক ৫০০ ছাত্ৰ-ছাত্ৰী থাকিব পাৰিব। কেন্দ্ৰীয় চৰকাৰে নতুন কেম্পাছ নিৰ্মাণৰ বাবে ১৭০০ কোটি টকা ব্যয় কৰিছে।