ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে যুদ্ধ কৰা প্ৰথম গৰাকী ভাৰতীয় ৰাণী ভেলু নাচিয়াৰক তেওঁৰ ওপজা দিনত স্মৰণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে তেওঁক স্মৰণ কৰি কয় যে ৰাণী ভেলু নাচিয়াৰৰ “অদম্য সাহসে” ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব।
ঔপনিৱেশিক শাসকৰ বিৰুদ্ধে যুঁজিবলৈমহিয়সী নাৰীগৰাকীয়ে লোৱা পণক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক নাৰী শক্তিৰ প্ৰতীক বুলি অভিহিত কৰে ৷
টুইটাৰযোগে প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “সাহসী ৰাণী ভেলু নাচিয়াৰৰ জন্ম জয়ন্তীত তেওঁক স্মৰণ কৰিছো। তেওঁৰ অদম্য সাহসে নৱ প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব। ঔপনিৱেশিকতাৰ বিৰুদ্ধে যুঁজিবলৈ তেওঁৰ দৃঢ় প্ৰতিশ্ৰুতি আছিল উল্লেখনীয় । তেওঁ নাৰী শক্তিৰ উদ্যমক প্ৰতিনিধিত্ব কৰে ।”