উত্তৰ প্ৰদেশৰ বিভিন্ন আত্ম সহায়ক গোটক আজি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰে ১০০০ কোটি টকা ৷আগন্তুক বিধানসভা নির্বাচনৰ প্ৰাকক্ষণত প্ৰয়াগৰাজত এক অনুষ্ঠানত প্ৰধানমন্ত্ৰী গৰাকীয়ে বেংক একাউণ্টৰ জৰিয়তে আত্মসহায়ক গোটসমূহলৈ এই ধনৰাশি প্ৰদান কৰে ৷ তদুপৰি মুখ্যমন্ত্ৰী কন্যা সুমংগল আঁচনিৰ অধীনত প্ৰধানমন্ত্ৰী গৰাকীয়ে এক লাখ হিতাধিকাৰীক প্ৰদান কৰে আর্থিক সাহায্য ৷কন্যা শিশুৰ কল্যাণৰ বাবে এই ধন প্ৰদান কৰা হৈছে ৷ এই কার্যসূচীত ভাষণ প্ৰদান কৰি মোদীয়ে কয় যে উত্তৰ প্ৰদেশত মহিলা সৱলীকৰনৰ বাবে লোৱা পদক্ষেপৰ প্ৰতি দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈছে ৷
প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় “ মাতৃ গংগা,যমুনা আৰু সৰস্বতীৰ আর্শীবাদৰে হেজাৰ হেজাৰ বছৰ আশীষধন্য হৈ অছে প্ৰয়াগৰাজৰ এই ভূমি ৷ প্ৰয়াগৰাজৰ এই ভূমি মহিলা শক্তিৰ প্ৰতীক ৷ কিছুদিন আগলৈ হিতাধিকাৰী কন্যাসকলৰ নাছিল কোনো বেংক একাউণ্ট ৷ কিন্তু আজি তেওঁলোক ডিজিটেল বেংকিঙৰ অধিকাৰী হ’ল ৷ উত্তৰপ্ৰদেশৰ কন্যাই সিদ্ধান্ত লৈছে যে পূর্বৰ চৰকাৰক পুনৰ ক্ষমতালৈ তেওঁলোকে আহিব নিদিয়ে ৷ ‘