দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ অহা ৮ আৰু ৯ মার্চত অসমলৈ আহিব মোদী ৷ এই ভ্ৰমণৰ সময়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদর্শন কৰিব মোদীয়ে ৷ প্ৰধানমন্ত্ৰী গৰাকীক আদৰাৰ বাবে যুদ্ধকালীন প্ৰস্তুতি আৰম্ভ হৈছে ৷
প্ৰধানমন্ত্ৰী গৰাকী কাজিৰঙাত উপস্থিত হোৱাৰ সময়ত যাতে এক সুন্দৰ তথা সুশৃঙ্খল পৰিৱেশ অটুত থাকে তাৰে পৰিকল্পনাত ব্যস্ত হৈ পৰিছে মন্ত্ৰী আমোলা সকল ৷ অহা ৮ মাৰ্চৰ নিশা কাজিৰঙাত উপস্থিত হৈ কাজিৰঙাৰ আৰক্ষী অতিথিশালাত নৈশ যাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷পাছদিনা অৰ্থাত ৯ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে দৰ্শন কৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চল ৷
প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে নৰূপত সজাইপৰাই তোলা হৈছে কহঁৰা বনাঞ্চলৰ প্ৰৱেশদ্বাৰ মিহিমুখৰ চৌপাশ ৷ ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিবলৈ অহা প্ৰধানমন্ত্ৰীক আদৰিবলৈ প্ৰৱেশ পথচোৱাক সুন্দৰ ৰূপত নির্মাণ কৰা হৈছে ৷ প্ৰধানমন্ত্ৰীৰ বাবে হাতীছাফাৰী আৰু জীপছাফাৰী দুয়োটাৰে ব্যৱস্থা কৰা হৈছে ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ টুৰিষ্ট ট্ৰেক মেৰামতি কৰাৰ লগতে আটকধুনীয়া কৰা হৈছে এলিফেণ্ট টাৱাৰ ৷এই ভ্ৰমণসূচীতে মোদীয়ে হোলোঙাপাৰত লাচিত বৰফুকনৰ প্ৰতিমূর্ত্তিৰ লগতে কেইবাটায়ো আঁচনি মুকলি কৰিব ৷