শিৱসাগৰ জিলা কাৰাগাৰৰ পৰা পলায়ন কৰিছে এজন কয়দীয়ে ৷ পলাতক কয়দীজন ৰাকেশ বৰা বুলি জানিব পৰা গৈছে। হত্যাৰ অপৰাধত দোষী সাব্যস্ত হোৱাৰ পাছত ৰাকেশক যাৱজীৱন কাৰাদণ্ড বিহা হৈছিল ৷
প্ৰাপ্ত তথ্য অনুসৰি ৰাকেশে সোণাৰি নগৰস্থিত অসুস্থ পিতৃক সাক্ষাৎ কৰিবলৈ শণিবাৰে পেৰলত ঘৰলৈ গৈছিল ৷ তাৰ পিছৰে পৰাই ৰাকেশ ওভতি অহা নাই ৷ ৰাকেশে চাজিম আহমেদ ওৰফে জাহানুৰ নামৰ এজন যুৱকক হত্যা কৰিছিল।
হত্যাৰ অপৰাধত ২০২২ চনৰ ৩০ ছেপ্তেম্বৰত ৰাকেশ বৰাক গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰ পূর্বে ৰাকেশ বৰাই পলায়ন কৰিছিল। কেনেদৰে এটা হত্যাকাণ্ডৰ অপৰাধীয়ে কাৰাগাৰৰ পৰা পলাবলৈ সক্ষম হ’ল বুলি প্ৰশ্নৰ উত্থাপন হৈছে ৷
আৰক্ষীয়ে ৰাকেশক বিচাৰি অনুসন্ধান অব্যাহত ৰাখিছে ৷