কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে প্ৰাক্তন কেন্দ্ৰীয় স্বাস্থ্য সচিব প্ৰীতি চুডানক। ১ আগষ্ট বৃহস্পতিবাৰে ইউ পি এছ চিৰ সদস্য প্ৰীতি চুডানে এই পদৰ দায়িত্ব ল’ব। কাৰ্যকাল শেষ হোৱাৰ পূৰ্বে চলিত মাহৰ আৰম্ভণিতে “ব্যক্তিগত কাৰণত” পদত্যাগ কৰিছিল পূর্বৰ অধ্যক্ষ মনোজ ছোনীয়ে ৷ প্ৰীতি চুডান অন্ধ্ৰ প্ৰদেশ কেডাৰৰ ১৯৮৩ বেটচৰ আই এ এছ বিষয়া। চৰকাৰী প্ৰশাসনৰ প্ৰায় সকলো ক্ষেত্ৰতে প্ৰায় ৩৭ বছৰীয়া অভিজ্ঞতা আছে তেওঁৰ ।
লণ্ডন স্কুল অৱ ইকনমিক্সৰ পৰা অৰ্থনীতি আৰু সামাজিক নীতি আৰু পৰিকল্পনাত ডিগ্ৰী লাভ কৰা চুডানে ৱাশ্বিংটনত ৰাজহুৱা বিত্ত ব্যৱস্থাপনাৰ প্ৰশিক্ষণ লাভ কৰিছিল।
চুডানে ২০২০ চনৰ জুলাইলৈকে তিনি বছৰ ধৰি কেন্দ্ৰীয় স্বাস্থ্য সচিব হিচাপে কাম কৰিছিল।চুডানে ক’ভিড মহামাৰীৰ সময়ত মূল কৌশলবিদ হিচাপে কাম কৰি আহিছে।ইয়াৰ পূৰ্বে চুডান খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ সচিব হিচাপে কার্যনিবাহ কৰিছিল ।
বেটি বাচাও বেটি পঢ়াও আৰু আয়ুষ্মান ভাৰতৰ আৰম্ভণি, ই-চিগাৰেট নিষেধাজ্ঞা, আৰু ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ আইন প্ৰণয়ন আদি বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰ্যসূচীত তেওঁৰ উল্লেখযোগ্য অৱদান আছে।