শৈক্ষিক উৎকৰ্ষতাৰ এক উল্লেখযোগ্য কৃতিত্বৰে উজলি উঠিছে অসম কন্যা প্ৰিয়ম ডেকা ৷ ইংলেণ্ডৰ সর্বোচ্চ প্ৰশাসনিক পৰীক্ষাত উত্তীর্ণ হৈছে পৰিয়ম ৷ এইবাৰ ইংলেণ্ডৰ সৰ্বোচ্চ অসামৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হৈছে তেওঁ । তেওঁৰ এই কৃতিত্বই পৰিবহণ মন্ত্ৰালয়ৰ সন্মানীয় কেবিনেট সচিবৰ কাৰ্যালয়ত তেওঁৰ নিযুক্তি নিশ্চিত কৰিছে ৷
এই ঐতিহাসিক সাফল্যই প্ৰিয়মৰ নিষ্ঠা আৰু দৃঢ়তাক উজ্জ্বল কৰি তোলাই নহয়, অসমীয়া সমাজ আৰু সমগ্ৰ ভাৰতবাসীকে গৌৰৱান্বিত কৰি তুলিছে ৷ এই কঠোৰ পৰীক্ষাত তেওঁৰ সফলতা কঠোৰ পৰিশ্ৰম আৰু লক্ষ্যৰ প্ৰতি দায়বদ্ধতাৰ প্ৰমাণ।
প্ৰিয়ম ডেকাৰ কেবিনেট সচিব কাৰ্যালয়ত নিযুক্তি তেওঁৰ সামৰ্থ্যৰ উল্লেখযোগ্য স্বীকৃতি ৷ তেওঁ পৰিবহণ মন্ত্ৰালয়লৈ মূল্যৱান অৱদান আগবঢ়াবলৈ সাজু হৈছে। তেওঁৰ এই কৃতিত্বই উচ্চাকাংক্ষী ছাত্ৰ-ছাত্ৰী আৰু পেছাদাৰীসকলক অনুপ্ৰাণিত কৰিব ৷ নিষ্ঠা আৰু অধ্যৱসায়ৰ দ্বাৰা সফলতাৰ উচ্চতম শিখৰত আৰোহন কৰাটো যে সম্ভৱপৰ সেয়া পুনৰ প্ৰমাণ কৰিলে প্ৰিয়ম ডেকাই ৷