পুলিচ কাষ্টডিত থকা সময়তে মৃত্যু বৰণ কৰা উত্তৰ প্ৰদেশৰ আগ্ৰাৰ এজন ব্যক্তিৰ পৰিয়ালৰ লোকসকলৰ খা-খবৰ ল’বলৈ যোৱা সময়ত মহিলা আৰক্ষীৰ এটা দলে প্ৰিয়ংকা গান্ধীৰ লগত চেল্ফি উঠা কথাক লৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে তীব্র প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। প্ৰিয়ংকা গান্ধীৰ লগত চেল্ফি তোলা মহিলা আৰক্ষী বিষয়া সকলৰ ওপৰত অতি শীঘ্ৰেই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে ।
আনহাতে এই কথাৰ প্ৰত্যুত্তৰত প্ৰিয়ংকাই কয় যে চেল্ফি তোলাটোৱেই যদি তেওঁলোকৰ ভুল তেন্তে এই ভুলৰ শাস্তি প্ৰিয়ংকাই নিজে মূৰ পাতি ল’ব । উত্তৰ প্ৰদেশ চৰকাৰে এই কৰ্মী আৰু নিষ্ঠাবান মহিলা আৰক্ষী সকলক শাস্তি প্ৰদান কৰি তেওঁলোকৰ ভৱিষ্যৎ ধ্বংস কৰাটো একেবাৰে শোভনীয় নহয়।