গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণৰ সঞ্চালক তথা প্ৰাক্তন পদাৰ্থ বিজ্ঞান অধ্যাপক ড০ ৰঞ্জন কুমাৰ কাকতি আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক ট্ৰেক ছ’চাইটিৰ কাৰ্যবাহী সদস্য হিচাপে মনোনয়ন লাভ কৰিছে ৷ যোৱা ৬-১০ নৱেম্বৰলৈ অনুষ্ঠিত হোৱা পাৰমাণৱিক ট্ৰেক আৰু বিকিৰণ জোখাৰ আন্তৰ্জাতিক সন্মিলনৰ মাজতে ভাৰতৰ গুৰুগ্ৰাম বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা আইএনটিএছ সাধাৰণ পৰিষদৰ সময়ত এই মনোনয়ন দিয়া হৈছিল ৷ অধ্যাপক গৰাকীক এই সাফল্যৰ বাবে শুভেচ্চা জ্ঞাপন কৰিছে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷