বিশিষ্ট অভিনেতা, নাট্যকাৰ, চিত্ৰ সমালোচক, প্ৰবীণ ৰাজনীতিবিদ, সমাজকৰ্মী তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা দিলীপ কুমাৰ হাজৰিকা আৰু নাই । উজান বজাৰস্থিত নিজা বাসগৃহত বৃহস্পতিবাৰে নিশা ৮ বাজি ৩০ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে দিলীপ হাজৰিকাই ।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯০ বছৰ ৷
দীর্ঘদিন ধৰি বার্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ আছিল অভিনেতা দিলীপ কুমাৰ হাজৰিকা ৷ প্ৰায় দুবছৰ ধৰি তেওঁ শয্যাশায়ী হৈ আছিল দিলীপ হাজৰিকা ৷ হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰে বিয়োগ ঘটে ৷ বিশিষ্ট অভিনেতা গৰাকীয়ে মণিৰাম দেৱান, ককা দেউতা নাতি আৰু হাতীৰ দৰে বোলছবিত অভিনয় কৰিছিল। শিল্পী সাহায্য নিধিৰ দ্বাৰা আৰ্থিকভাৱে দুৰ্বল অভিনয় জগতৰ লগত জড়িত ব্যক্তিসকলক তেওঁ সহায় কৰি আহিছিল।
উল্লেখযোগ্য যে, অভিনয়ৰ লগতে ৰাজনীতিৰ লগতো প্ৰত্যেক্ষভাৱে তেওঁ জড়িত আছিল।দিলীপ কুমাৰ হাজৰিকা এনচিপি পাৰ্টীৰ সক্ৰিয় সদস্য আছিল। তেওঁ শৰৎ সিংহৰ দিনত ৰাজনীতিৰ সৈতে প্ৰতক্ষভাৱে জড়িত আছিল। তদুপৰি দিলীপ হাজৰিকাই কেইবাখনো গ্ৰন্থ ৰচনা কৰিছে।
বিশিষ্ট অভিনেতা গৰাকীৰ বিয়োগত শোকপ্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই কয় ‘বিশিষ্ট অভিনেতা, সুলেখক তথা অধিবক্তা দিলীপ কুমাৰ হাজৰিকাৰ বিয়োগৰ খবৰটিয়ে ব্যথিত কৰি তুলিছে। ‘মণিৰাম দেৱান’কে ধৰি ভালেকেইখন অসমীয়া ছবিত দুৰ্দান্ত অভিনয়ৰে বিশেষ খ্যাতি অৰ্জন কৰা এইগৰাকী বহুমুখী প্ৰতিভাসম্পন্ন ব্যক্তিত্বৰ বিয়োগ অসমৰ সামাজিক-সাংস্কৃতিক ক্ষেত্ৰৰ বাবে এক বৃহৎ ক্ষতি। হাজৰিকাৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।
কেন্দ্ৰীয় মন্ত্ৰী সর্বানন্দ সোণোৱালে কয় – ‘মণিৰাম দেৱান’ চলচ্চিত্ৰত দিলীপ কুমাৰ হাজৰিকাৰ এই মনপৰশা অভিনয়ে আমাৰ হৃদয়ত গভীৰ সাঁচ বহুৱাই ৰাখিছে। বিশিষ্ট লেখক, অধিবক্তা, অভিনেতা, চলচ্চিত্ৰৰসিক হাজৰিকাৰ বিয়োগৰ খবৰ পাই মৰ্মাহত হৈছোঁ। তেখেতৰ বিয়োগ আমাৰ সাহিত্য-সংস্কৃতি জগতৰ বাবে এক অপূৰণীয় ক্ষতি।এই শোকৰ মুহূৰ্তত হাজৰিকাৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে তেখেতৰ পৰিয়ালবৰ্গ আৰু গুণমুগ্ধলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।“