ৰাজ্যৰ লোকনৃত্যৰ ক্ষেত্ৰখনক চহকী কৰা বিশিষ্ট শিল্পী ভূৱন চন্দ্ৰ ৰায় আৰু নাই ৷ মঙলবাৰে নিশা চিকিৎসাধীন অৱস্থাতে তেওঁৰ বিয়োগ ঘটে ৷ স্থানীয়ভাৱে ভূৱন কুশানী বুলি পৰিচিত শিল্পীগৰাকীৰ মৃত্যুত সাংস্কৃতিক জগতত গভীৰ শোকঁৰ ছাঁ পৰিছে ৷ তেওঁৰ মৃত্যুৱে লোকনৃত্যৰ ক্ষেত্ৰখনত সৃষ্টি কৰিলে এক বৃহৎ শূণ্যতা ৷
উল্লেখ্য যে শিল্পীগৰাকী বিগত দুমাহ ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ আছিল। প্ৰথমে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত তেওঁক ভর্ত্তি কৰোৱা হৈছিল যদিও পাছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ বিগত ২২ দিন ধৰি তেওঁ গুৱাহাটীত চিকিৎসাধীন হৈ আছিল।
লোকনৃত্যৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ লাভ কৰিছিল কেইবাটাও সন্মান ৷ প্ৰয়াত শিল্পীগৰকীয়ে ৰাজ্যপালৰ জ্ঞান সাধনা বঁটা, বকুলবণ বঁটা লাভ কৰাৰ উপৰি অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ পৰা কুশান গুৰু হিচাপে উপাধি লাভ কৰিছিল ।
ৰাজ্য চৰকাৰৰ শিল্পী পেঞ্চন তেওঁ লাভ কৰিছিল ৷ এইগৰাকী শিল্পীয়ে গোৱালপাৰীয়া লোকনৃত্যৰ কুশান নৃত্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ অক্লান্ত সাধনা কৰিছিল ৷ আজি পুৱা তেওঁৰ নশ্বৰদেহ বালাজান বানিয়ামাৰীলৈ অনাৰ পিছতে গুণমুগ্ধ সকলে অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে ।