বিশিষ্ট সাংবাদিক, লেখক প্ৰফুল্ল কুমাৰ দত্তৰ আজি দেহাৱসান ঘটে । শুকুৰবাৰে পুৱা বিশিষ্ট সাহিত্যিকগৰাকীৰ মৃত্যু হয় । দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ আই চি ইউত তেওঁ চিকিৎসাধীন হৈ আছিল ।
অসমৰ সংবাদ জগতৰ লগতে সাহিত্য জগতৰ সৈতে তেওঁ জড়িত হৈ আছিল ৷ নীৰৱে সাংবাদিকতা আৰু সাহিত্য সাধনা কৰা মানুহজনেই আছিল প্ৰফুল্ল কুমাৰ দত্ত। কেৱল অসমৰ বাতৰি কাকত, আলোচনীতে নহয়, বিখ্যাত বাংলা আলোচনীতো তেওঁৰ লেখনি প্ৰকাশ পাইছিল ৷
বাতৰি কাকত-আলোচনীৰ ৰহস্যধৰ্মী উপন্যাসৰ বাবে অসমৰ পাঠকৰ বাবে তেওঁ এটা চিনাকি নাম হৈ পৰিছিল। কেৱল ৰহস্যধৰ্মী উপন্যাসে নহয়, তেওঁৰ সাংস্কৃতিক বিষয়ৰ প্ৰতিবেদনবোৰো আছিল ব্যতিক্ৰম। ৰহস্যধৰ্মী সাহিত্যত তেওঁৰ আছিল অত্যন্ত দখল ৷
বিশিষ্ট কণ্ঠশিল্পী দিপালী বৰঠাকুৰৰ এখন জীৱনভিত্তিক গ্ৰন্থ লিখিছিল প্ৰফুল্ল কুমাৰ দত্তই । প্ৰমথেশ বৰুৱাক লৈ লিখা গ্ৰন্থখনৰ আধাৰতে দূৰদৰ্শনে এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল। ৫৬খনৰো অধিক গ্ৰন্থৰ ৰচনা কৰিছিল প্ৰফুল্ল কুমাৰ দত্তই ৷ তেওঁৰ মৃত্যুত সাহিত্য জগতত গভীৰ শোকৰ ছাঁ পৰিছে ৷