বিশিষ্ট সংগীত শিল্পী গৌৰৱ বণিয়া আৰু নাই ৷ আজি তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ৷ প্ৰয়াক অভিনেতা ইন্দ্ৰ বণিয়াৰ একমাত্ৰ পুত্ৰ আছিল গৌৰৱ বনিয়া । জিএমচিএইচত সোমবাৰে দিনৰ ১২.২০ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে গৌৰব বনিয়াই ?
দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ কেইবামাহ ধৰি অসুস্থ হৈ আছিল তেওঁ।কিছুদিন পূর্বে তেওঁক চিকিৎসাৰ বাবে মুম্বাইলৈয়ো লৈ যোৱা হৈছিল ৷ কিন্তু তেওঁৰ স্বাস্থ্যৰ উন্নতি নঘটিল ৷ ‘হালধীয়া চৰাইয়ে বাও ধন খায়’ ছবিখনত শিশু শিল্পী হিচাপে অভিনয় কৰিছিল গৌৰৱ বণিয়াই।গুৱাহাটী আকাশবাণীৰ জৰিয়তে সম্প্ৰসাৰিত নাটক ‘শান্ত শিষ্ট হৃষ্ট পুষ্ট মহাদুষ্ট’টো অভিনয় কৰিছিল তেওঁ।
এগৰাকী সংগীত শিল্পী হিচাপে তেওঁ সুখ্যাতি অর্জন কৰিছিল ৷ সকলো ধৰণৰ বাদ্যযন্ত্ৰই তেওঁ বজাব পাৰিছিল ৷ মৰমতে সকলোৱে তেওঁক পমপম বুলি মাতিছিল ৷ মৃত্যুৰ সময়ত তেওঁ মাতৃ, পত্নী আৰু পুত্ৰক ইহসংসাৰত এৰি থৈ যায় ৷
বিশিষ্ট অভিনেতা ৰাজীৱ ক্ৰ’ই শোকপ্ৰকাশ কৰি কয় –“প্ৰয়াত ইন্দ্ৰ বণিয়া আৰু মিনু বণিয়াৰ একমাত্ৰ পুত্ৰ গৌৰৱ বণিয়া। যাক সকলোৱে পম পম বুলি মাতিছিল। আজি আমাৰ মাজৰ পৰা আঁতৰি গল। তোমাৰ আত্মাৰ চিৰ শান্তি কামনা কৰিলো পম পম।“