VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

সন্ধান ওলোৱা নাই বিশিষ্ট সংগীতশিল্পী ৰমেন বৰুৱাৰ, অন্তিম লোকেশ্যন ট্ৰেক কৰি আৰক্ষীৰ জোৰদাৰ অভিযান

voicedesk by voicedesk
July 23, 2024
in মুখ্য সংবাদ
সন্ধান ওলোৱা নাই বিশিষ্ট সংগীতশিল্পী ৰমেন বৰুৱাৰ, অন্তিম লোকেশ্যন ট্ৰেক কৰি আৰক্ষীৰ জোৰদাৰ অভিযান
0
SHARES
358
VIEWS
Share on FacebookShare on Twitter

 

বিশিষ্ট সংগীত শিল্পী ৰমেন বৰুৱা সন্ধানহীন হোৱা ঘটনাই উদ্বিগ্ন কৰি তুলিছে ৰাজ্যবাসীক  ! সোমবাৰে পুৱা  প্ৰায় ১০.৩০ বজাত ঘৰৰ পৰা ওলাই আহিছিল সংগীত শিল্পী গৰাকী ৷ কিন্তু সন্ধিয়া পর্যন্ত তেওঁ লতাশিলৰ ঘৰলৈ ওভতি নহাত পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ তেওঁৰ ভাতৃ দ্বীপেন বৰুৱাই সংবাদমাধ্যমৰ সন্মুখত প্ৰকাশ কৰা অনুসৰি লতাশিলস্থিত গণেশ মন্দিৰৰ ৰমেন বৰুৱা আছিল সভাপতি ৷ যাৰ বাবে প্ৰতি দিনে পুৱা ১০ৰ পৰা ১০.৩০ বজাৰ ভিতৰত ৰমেন বৰুৱা আহে গণেশ মন্দিৰলৈ ৷ কালিও তেওঁ একে সময়তে ঘৰৰ পৰা ওলাই আহিছিল ৷

 

সোমবাৰে পুৱাভাগতে ঘৰৰ পৰা ওলাই যোৱা শিল্পীগৰাকীক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষেৰে ব্ৰহ্মপুত্ৰ নদীৰ দিশে যোৱা এটা পথত প্ৰত্যক্ষ কৰিছিল এজন লোকে । ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চিচিটিভি কেমেৰাত তেওঁ পথটোৰে যোৱা দৃশ্য বন্দী হৈছে ৷ ইয়াৰ পাছতে প্ৰায় ১মান বজাত উজান বজাৰৰ গণেশ মন্দিৰৰ সমীপত এগৰাকী মহিলাই দেখা পাইছিল শিল্পীগৰাকীক। সেই সময়ত তেওঁ নিজে নিজৰ সৈতে কিছু কথা পতাত ব্যস্ত আছিল বুলি মহিলাগৰাকীয়ে সদৰি কৰিছে।

 

বৰুৱাৰ ফোনটোও অফ হোৱাৰ বাবে তেওঁৰ সন্ধান প্ৰক্ৰিয়া অধিক জটিল হৈছে বুলি উদ্ধাৰকাৰী দলে মত ব্যক্ত কৰিছে। আৰক্ষীয়ে বৰুৱাৰ শেষ লোকেশ্যন ট্ৰেক কৰি দেখিছে যে, উজান বজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰতে তেওঁৰ শেষ অৱস্থিতি। ইতিমধ্যে নদী আৰক্ষীয়ে ব্ৰহ্মপুত্ৰত অভিযান আৰম্ভ কৰিছে।

 

উক্ত বিষয়টোক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইও যথেষ্ট উদ্বিগ্নতা প্ৰকাশ কৰিছে। গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাক কোনো ক্ৰুটি নথকাকৈ অভিযান চলাবলৈ সোমবাৰে নিশাই নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। শিল্পী জুবিন গাৰ্গেও ওৰে নিশা উজান বজাৰৰ ভিন্ন স্থানত ব্যক্তিগতভাৱে অভিযান চলায় বিশিষ্ট শিল্পীগৰাকীৰ সন্ধানত।

 

 

Previous Post

মগজুৰ বিৰল সংক্ৰমণত আক্ৰান্ত কেৰালাৰ কিশোৰ হ’ল সুস্থ, এই ৰোগৰ পৰা পৃথিৱীত সুস্থ হৈছে মাত্ৰ ১১ জন লোক

Next Post

জিএমচিএইছত চিকিৎসাধীন বিশিষ্ট বুদ্ধিজীৱি হাইদৰ হুছেইন, বিপদমুক্ত ঘোষণা চিকিৎসকৰ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
জিএমচিএইছত চিকিৎসাধীন বিশিষ্ট বুদ্ধিজীৱি হাইদৰ হুছেইন, বিপদমুক্ত ঘোষণা চিকিৎসকৰ

জিএমচিএইছত চিকিৎসাধীন বিশিষ্ট বুদ্ধিজীৱি হাইদৰ হুছেইন, বিপদমুক্ত ঘোষণা চিকিৎসকৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7