বিশিষ্ট পেৰডী গায়ক ত্ৰৈলোক্য সোণোৱালৰ বৃহস্পতিবাৰে পুৱতি নিশা দেহাৱসান ঘটে । পুৱতি নিশা ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজ হাস্পতালত মৃত্যু হয় গায়কগৰাকীৰ। ৫২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে সোণোৱালে ।
উচ্চ ৰক্তচাপজনিত কাৰণত অসুস্থ হৈ পৰাৰ পাছতে হাস্পতালত তেওঁক ভর্ত্তি কৰোৱা হৈছিল ৷ কিন্তু হাস্পতালতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু মৃত্যু হয় ৷ ৰাজ্যৰ ভিন্ন স্থানত পেৰডী গীত গায় জনপ্ৰিয়তা লাভ কৰিছিল সোণোৱালে ৷
বিভিন্ন জনপ্ৰিয় গীতৰ পেৰডী কৰি তেওঁ শ্ৰোতাৰ কাষ চাপিছিল ৷ বিশেষকৈ ৰাজ্যৰ পেৰডী গীতৰ ক্ষেত্ৰখনলৈ তেওঁ এক সুকীয়া ধাৰাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল ৷ গায়ক গৰাকী লখিমপুৰৰ ৰাজখোৱা গাঁৱৰ বাসিন্দা আছিল ৷