আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তিৰ অধিকাৰী হোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা নিলম্বিত ডি আই জি ৰৌনক আলী হাজৰিকা কেইবাকোটি সম্পত্তিৰ গৰাকী৷ ছিমলাৰ দৰে হিল ষ্টেচনত বিলাসী ৰিজর্টৰ পৰা আৰম্ভ কৰি গুৱাহাটীৰ কেইবাস্থানত মুল্যবান মাটিৰ গৰাকী হৈছে ডি আই জি ৰৌনক আলী হাজৰিকা৷
তদন্তকাৰী সংস্থা মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে প্ৰকাশ কৰা অনুসুৰি ছিমলাত গ্ৰেপ্তাৰ হোৱা ডি আই জি জনৰ আছে এখন বিলাসী ৰিজর্ট৷তদুপৰি ডাউন টা্উন,ধীৰেনপাৰা আৰু হেঙেৰাবাৰীত আছে সুবিশাল অট্টালিকা ৷
কালি মুখ্যমন্ত্ৰীৰ তদাৰাকী কোষে হাজৰিকাক গ্ৰেপ্তাৰ কৰিছিল৷ডি আই জি জনৰ বিপৰীতে অভিযোগ লাভ কৰা পাছতে তদাৰকী কোষে তদন্ত আৰম্ভ কৰিছিল৷ প্ৰাথমিক তদন্তত লাভ কৰা তথ্যৰ ভিত্তিত তদাৰকী কোষে মুখ্যমন্ত্ৰীৰ অনুমোদন সাপেক্ষে দুর্নীতি প্ৰতিৰোধ আইনৰ বিভিন্ন ধাৰাৰ অধীনত ৬/২০২১ নম্বৰৰ গোচৰ ৰুজু কৰে৷
তদন্তত পোহৰলৈ আহিছে কেতবোৰ বিস্ফোৰক তথ্য৷ চাকৰিকালত হাজৰিকাই বিভাগীয় ভাবে অনুমোদন নোহোৱাকৈ ৯ বাৰ বিদেশ ভ্ৰমণ কৰিছে৷ আনহাতে,হাজৰিকাই দুই সন্তানৰ পঢ়া শুনাৰ নামত আজিলৈকে ব্যয় কৰিছে১,৭৪,১২,৯৭৪ টকা৷