VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কৃষি মন্ত্ৰী অতুল বৰাৰ চুক্তিক লৈ জাঙুৰ খাই উঠিছে আসাম ষ্টেট ক’পাৰেটিভ মিল্ক মাৰ্কেটিং ফেডাৰেশ্যন

voicedesk by voicedesk
August 11, 2021
in মুখ্য সংবাদ, ৰাজনীতি, সমাজ
কৃষি মন্ত্ৰী অতুল বৰাৰ চুক্তিক লৈ জাঙুৰ খাই উঠিছে আসাম ষ্টেট ক’পাৰেটিভ মিল্ক মাৰ্কেটিং ফেডাৰেশ্যন
0
SHARES
16
VIEWS
Share on FacebookShare on Twitter

আত্মনিৰ্ভৰশীল ভাৰত আত্মনিৰ্ভৰশীল অসমৰ শ্ল’গান দিয়া অসম চৰকাৰে ৱামূল আৰু এনডিডিবিৰ সৈতে কৰা এক ত্ৰিপাক্ষিক চুক্তিয়ে এতিয়া বিপদত পেলাইছে অসমৰ লাখ লাখ থলুৱা গো- পালকক।

যি সময়ত অসম চৰকাৰে গো-বিধেয়কৰ যোগেদি গাখীৰ উৎপাদন বৃদ্ধিৰ আঁচনি হাতত লৈছে সেই সময়তে এই চুক্তিখনে দুগ্ধ সমবায় সমিতি সমূহক ধ্বংসৰ মুখলৈ ঠেলি দিয়াৰ দিশে অগ্ৰসৰ হৈছে।

মংগল বাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এক সংবাদ মেলত দ্যা আসাম ষ্টেট ক’পাৰেটিভ মিল্ক মাৰ্কেটিং ফেডাৰেশ্যন লিমিটেড চমুকৈ এএমএফইডি ৰ চেয়াৰমেন বিৰিঞ্চি কাশ্যপে অসম চৰকাৰৰ এনে পদক্ষেপক তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে এই বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰে।

সমগ্ৰ বিষয়টোৰ ওপৰত আলোকপাত কৰি চেয়াৰমেন জনে কয় যে অসমৰ থলুৱা গো-পালক সকলৰ ভৱিষ্যতৰ নীতি নিৰ্ধাৰণৰ সম্পূৰ্ণ দায়িত্ব এতিয়া গুজৰাটস্থিত এনডিডিবি নামৰ সংস্থাটোৰ হাতত অৰ্পণ কৰা হৈছে।

তেনেক্ষেত্ৰত পশু-পালন আৰু দুদ্ধ উন্নয়ন এই দুয়োটা বিভাগকে ধ্বংস কৰি পেলোৱা হৈছে বুলিও তেওঁ উল্লেখ কৰে।এই চুক্তিখন বাতিল কৰাৰ উদ্দেশ্যে এএম এফইডিয়ে বিগত সময়ত প্ৰায় চাৰি বছৰ ধৰি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।

এইক্ষেত্ৰত বিভাগীয় মন্ত্ৰী অতুল বৰাই সংস্থাটোৰ বিষয়-ববীয়া সকলক তেওঁলোকৰ দাবী সমূহ পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে তেওঁলোকক আলোচনাৰ মেজলৈ আমন্ত্ৰণ জনাইছিল।প্ৰায় ৩০ খনতকৈও অধিক মন্ত্ৰী তথা কেবিনেট পৰ্যায়ৰ মন্ত্ৰীৰ সৈতে হোৱা আলোচনাত কেনো ধৰণৰ সুফল নোপোৱাৰ পৰিপ্ৰেক্ষিতত সংস্থা টোৱে উচ্চ ন্যায়ালয়ৰ দাৰস্থ হবলৈ বাধ্য হ‘য়।

অৱশেষত এই সমগ্ৰ বিষয় টোক লৈ সংস্থা টোৰ বিষয়-ববীয়া সকলে মুখ্যমন্ত্ৰীৰ লগত আলোচনাত বহিব বিচাৰিছিল যদিও সেইয়া সম্ভৱপৰ হৈ নুঠিল।উল্লেখযোগ্য যে পৰৱৰ্ত্তী সময়ত অৰ্থাৎ দুদিন পূৰ্বে বিভাগীয় মন্ত্ৰী অতুল বৰাই অতি সংগোপনে মুখ্যমন্ত্ৰীৰ অনুমোদন লৈ এই ত্ৰিপাক্ষিক চুক্তিখন পুনৰ পাঁচ বছৰৰ বাবে নৱীকৰণ কৰা বুলি অভিযোগ আনি এতিয়া জাঙুৰ খাই উঠিছে সংস্থাটোৰ বিষয়-ববীয়া সকল।

ইয়াৰলগতে ন্যায়ালয়ত বিচাৰাধীন হৈ থকা বিষয়টোত বিভাগীয় মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে কেনেদৰে অনুমোদন জনালে সেই লৈ প্ৰশ্ন তুলিছে চেয়াৰমেন গৰাকীয়ে।

ইফালে বিহাৰ আৰু ঝাৰখণ্ডৰ পৰা নিতৌ অসমলৈ গাখীৰ আমদানি কৰি অসমৰ গো-পালক সকলক আৰ্থিকভাৱে দুৰ্বল কৰা বুলি অভিযোগ আনি উক্ত সমস্যাটো শীঘ্ৰে সমাধান কৰাৰো দাবী উত্থাপন কৰে।

Previous Post

এসময়ৰ জনপ্ৰিয় ধাৰাবাহিক ”বড়ে আচ্ছে লগতে হে” দ্বিতীয় চিজনত দেখা যাব গোপীখ্যাত অসমৰ অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যক

Next Post

পুনৰ উৎকোচ প্ৰত্যাখান কৰি পুৰস্কৃত হল দুজন আৰক্ষী বিষয়া-জোৱান

Related Posts

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
আজিৰ শিশু আৰু সাধুকথা
সমাজ

আজিৰ শিশু আৰু সাধুকথা

November 14, 2024
Next Post
পুনৰ উৎকোচ প্ৰত্যাখান কৰি পুৰস্কৃত হল দুজন আৰক্ষী বিষয়া-জোৱান

পুনৰ উৎকোচ প্ৰত্যাখান কৰি পুৰস্কৃত হল দুজন আৰক্ষী বিষয়া-জোৱান

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7