সাম্প্ৰতিক সময়ত অসমত ৰাজ্য চৰকাৰে আৰু প্ৰশাসনে ভুৱা সংঘৰ্ষ তথা মুক্ত হত্যাৰ পাতনি মেলি এক অশান্ত পৰিৱেশৰ সূচনা কৰা পৰিলক্ষিত হৈছে৷ যাৰ পৰিপ্ৰেক্ষিতত মুক্ত হত্যাৰ বলি হ’বলগীয়া হৈছে নিৰীহ জনতা৷ আনহাতে ‘‘বাল্য বিবাহ’’ কোনো কাৰণতে মানি ল’ব পৰা বিষয় নহয়, যদিও ‘বাল্য বিবাহ’ৰ নামত চৰকাৰে আৰক্ষী প্ৰশাসনৰ জৰিয়তে জনগণক চৰম হাৰাশাস্তি কৰি জীয়াই থকাৰ নিম্নতম অধিকাৰকনো নোহোৱা কৰা যেন অনুমান হয় ৷এই ক্ষেত্ৰত মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে সদায় নিৰপেক্ষ আৰু বলিষ্ঠ ভূমিকা পালন কৰি আছে তথা জনতাৰ স্বাৰ্থত প্ৰতিৰোধ কল্পে সংগ্ৰামৰ ধাৰা অব্যাহত ৰাখিছে– এই মন্তব্য আলফাৰ প্ৰাক্তন সম্পাদক অনুপ চেতিয়াৰ৷ তদুপৰি হাইস্কুল শিক্ষান্ত পৰীক্ষা এটি নিয়াৰিকৈ পাতিব নোৱাৰা চৰকাৰখনে যধে-মধে এনকাউKI×াৰৰ নামত খিলঞ্জীয়াসকলক অত্যাচাৰ কৰি আহিছে বুলি উল্লেখ কৰি এই চৰকাৰখনৰ গাদীত থকাৰ কোনো নৈতিক অধিকাৰ নাই বুলিও তেওঁৰ চমু ভাষনত উল্লেখ কৰে৷
আনহাতে ৰাজ্য চৰকাৰৰ কিছুমান জনস্বাৰ্থ বিৰোধী কাৰ্য্য ব্যৱস্থা সন্দৰ্ভত ‘‘মাছ’’ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ আজি দিছপুৰ প্ৰেছ ক্লাৱত এখন ‘‘নাগৰিক সভা’’ অনুষ্ঠিত হয়৷ অসমৰ বিভিন্ন জিলাৰ পৰা অহা মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ কৰ্মকৰ্তাসকলে নাগৰিক সভাত মত পোষণ কৰে৷ তদুপৰি পদপথ ব্যৱসায়ী সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য হাছিনা বেগমে কয় যে পদপথত দিনৰ দিনটো সৰু সুৰাকৈ ব্যৱসায় এটা খুলি এচাম লোকে পৰিয়ালটো পোহ-পাল দি থকা সময়তে চৰকাৰে অন্যায় আৰু নিষ্ঠুৰ ভাৱে নিৰিহ জনতাক অত্যাচাৰ চলায় আহিছে বুলি উল্লেখ কৰি অতি শীঘ্ৰে চৰকাৰক পদপথৰ লোকসকলক উপযুক্ত সংস্থাপন দিবলৈ আহ্বান জনায়৷
আজিৰ এই নাগৰিক সভাই হাইস্কুল শিক্ষান্ত পৰীক্ষা ভালদৰে অনুষ্ঠিত কৰাত ব্যৰ্থ হোৱাত আৰু বাৰে বাৰে প্ৰশ্নকাকত ফাদিল হোৱাৰ ফলত পৰিক্ষাৰ্থীসকল বাৰে বাৰে হাৰাশাস্তি হব লগা ঘটনাত প্ৰতিবাদ কৰিবলৈ যোৱাত ধলপুৰ আৰক্ষী চকীৰ ছাত্ৰ কেইজনমানক আটক কৰি নিৰ্যাতন চলোৱা কাৰ্য্যক চৰম বৰ্বৰতা আৰু গণতান্ত্ৰিক বিধি ব্যৱস্থাৰ পৰিপন্থি বুলি মত পোষণ কৰে৷ সভাই বাক্সা জিলাত ডিম্বেশ্ব¤ৰ মুছাহাৰিক যোৱা ২৪ জানুৱাৰীত আৰক্ষীয়ে নীৰিহ ভাৱে শীতল মগজুৰে হত্যা কৰাৰ ঘটনাকো গৰিহনা দিয়ে৷ আনহাতে আজিৰ এই নাগৰিক সভাত মাছৰ মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈ আদিত্য লহকৰ অধ্যক্ষ, লক্ষী প্ৰসাদ ডেকা সচিব প্ৰধান , মুকুল আহমেদ, অনুপ চেতিয়াকে ধৰি ভালেকেইজন লোক উপস্থিত আছিল৷