আৰম্ভ হ’ল শিক্ষকৰ ভাৰত যাত্ৰা কার্যসূচী ৷ নতুন পেঞ্চন ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰখাৰ দাবীৰে এই যাত্ৰা আৰম্ভ কৰা হৈছে ৷ অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ আ্হ্বানমর্মে পুৰণি পেঞ্চন নীতি বাহাল যাত্ৰা আৰম্ভ কৰা হৈছে ৷
দেশৰ চাৰিস্থানৰ পৰা এই যাত্ৰা আৰম্ভ কৰা হৈছে ৷ অসম, ৱাঘা সীমান্ত, সোমনাথ আৰু কন্যাকুমাৰীৰ পৰা এই যাত্ৰা আৰম্ভ কৰা হৈছে ৷ অসমৰ গুৱাহাটীস্থিত শিল্পগ্ৰামৰ পৰা অসম ৰাজ্যিক শিক্ষক সন্মিলনীৰ উদ্যোগত এই যাত্ৰা আৰম্ভ কৰা হৈছে ৷ যাত্ৰাৰ সময়ছোৱাত ৰাজ্যৰ ভিন্ন প্ৰান্তত বৈঠক অনুষ্ঠিত কৰা হ’ব ৷
এই যাত্ৰা এমাহজুৰি দেশজুৰি চলিব ৷ ইয়াৰ পাছত অহা ৫ অক্টোবৰত আন্তঃৰাষ্ট্ৰীয় শিক্ষক দিৱসৰ দিনা নতুন দিল্লীত যাত্ৰাৰ সামৰণি পৰিব ৷ সেইদিনা নতুন দিল্লীত অনুষ্ঠিত হ’ব শিক্ষকসকলৰ বিক্ষোভ কার্যসূচী ৷ দীর্ঘদিন ধৰি প্ৰতিবাদ কৰাৰ পাছতো কোনো গুৰুত্ব লাভ নকৰাত শিক্ষকসকলে আজি পবিত্ৰ শিক্ষক দিৱসৰ দিনটোৰ পৰাই এই ভাৰত যাত্ৰা কার্যসূচী আৰম্ভ কৰে ৷