লোকসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ কাৰ্যকৰী কৰিব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৰা ঘোষণাই ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ পুনৰ এই ক’লা আইনৰ বিৰুদ্ধে সমাবেশৰ আহ্বান জনাইছে নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী সমন্বয় সমিতি, অসমে।
সমিতিৰ মুখ্য সমন্বয়ক দেৱেন তামুলীয়ে স্বাক্ষৰ কৰা এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা অনুসৰি লোকসভা নিৰ্বাচনৰ পূৰ্বে ‘কা’ আইনৰ বিধি প্ৰস্তুত কৰি বলবৎ কৰিব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কৰা ঘোষণাৰ প্ৰতিবাদকল্পে আৰু ‘কা’ বাতিলৰ দাবীত নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী সমন্বয় সমিতি, অসমে অহা ১৭ ফেব্ৰুৱাৰীত লক্ষীধৰ বৰা ক্ষেত্ৰত (এন চি পি অফিচ) দিনৰ ১১ বজাত এক সমাবেশৰ আয়োজন কৰিছে। সমাবেশত বিভিন্ন দল, সংগঠনৰ প্ৰতিনিধিৰ উপৰিও ভালে সংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰিব। সমিতিয়ে ‘কা’ বিৰোধী ৰাইজৰ উপস্থিতি কামনা কৰিছে। সমাৱেশৰ আহ্বান জনোৱা নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী সমন্বয় সমিতিৰ সভাপতি হৈছে ডঃ হীৰেণ গোঁহাই ৷