নির্বাচনী ফলাফলৰ পাছতে অশান্ত হৈ পৰিছে ফ্ৰান্স ৷ দেওবাৰে দেশখনৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হোৱাৰ পিছতে আৰম্ভ হৈছে প্ৰতিবাদ ৷ বিশেষকৈ পেৰিছত প্ৰতিবাদকাৰীসকল আৰু আৰক্ষীৰ মাজত সংঘটিত হয় সংঘর্ষ ৷যাৰ বাবে প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে নিক্ষেপ কৰিবলগীয়া হয় কন্দুৱা গেছ ৷ আৰক্ষীয়ে প্ৰতিবাদ কৰিবলৈ ওলাই অহা যুৱক-যুৱতীসকলক ছত্ৰভংগ দিয়াবলৈ চেষ্টা কৰা পৰিলক্ষিত হ’ল ৷
উল্লেখ্য যে মেক্ৰ’নে দেওবাৰে দ্বিতীয়বাৰৰ বাবে পাঁচ বছৰীয়া কাৰ্যকাললৈ নির্বাচিত হয় ৷ তেওঁ সোঁপন্থী নেতা মেৰিন লে পেনক পৰাস্ত কৰে।প্ৰথম পৰ্যায়ৰ ভোটদান আৰু দেওবাৰৰ ফলাফলৰ মাজত, শিক্ষাৰ্থীসকলে পেৰিছৰ দাতিকাষৰীয়া অঞ্চল আৰু অন্যান্য বিশ্ববিদ্যালয়ৰ বাহিৰত প্ৰতিবাদ কৰিছিল ৷ বৰ্তমানৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ন ৫৪.৮১ শতাংশ ভোট লাভ কৰে ৷ আনহাতে সোপন্থী ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী মেৰিন লে পেনে ৪৫.১৯ শতাংশ ভোট লাভ কৰিছে।