চৰকাৰী-বেচৰকাৰী কর্মচাৰী সকলৰ বিপদৰ বন্ধু হিচাপে বিবেচিত হৈ আহিছে ভৱিষ্য নিধিৰ পুঁজিৰ ধন ৷ কিন্তু এতিয়াৰে পৰা আপোনাৰ ভৱিষ্য নিধিৰ জমা ধনৰ ওপৰত লাভ নকৰিব উচ্চ সূতৰ হাৰ ৷ কিয়নো ভৱিষ্যনিধি পুঁজিৰ ক্ষেত্ৰত পুনৰ হ্ৰাস কৰা হৈছে সূতৰ হাৰ ৷ কৰ্মচাৰীৰ ভৱিষ্য নিধিৰ সূতৰ হাৰ শনিবাৰে ২০২১-২২ বৰ্ষৰ বাবে বৰ্তমানৰ ৮.৫ শতাংশৰ পৰা ৮.১ শতাংশলৈ হ্ৰাস কৰা হৈছে। শ্ৰম মন্ত্ৰালয়ৰ সুত্ৰই জনোৱা মতে ১৯৭৭-৭৮ চনৰ পিছত এয়া হৈছে সৰ্বনিম্ন সূতৰ হাৰ ৷ সেই সময়ত ভৱিষ্য নিধিৰ সূতৰ হাৰ ৮ শতাংশ নির্ধাৰণ কৰা হৈছিল ৷
কৰ্মচাৰী ভৱিষ্যত নিধিৰ (ইপিএফঅ’) বর্তমান সদস্যৰ সংখ্যা হৈছে প্ৰায় পাঁচ কোটি ৷ গুৱাহাটীত অনুষ্ঠিত হোৱা ই পি এফ অ’ৰ কেন্দ্ৰীয় ট্ৰাষ্টী পৰিষদৰ বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে ৷ পৰিষদৰ পৰামৰ্শ শীঘ্ৰে বিত্ত মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা হ’ব। ২০২০-২১ বৰ্ষত সূতৰ হাৰ আছিল ৮.৫ শতাংশ।
বিত্ত মন্ত্ৰালয়ে বোৰ্ডৰ সিদ্ধান্ত অনুমোদন কৰাৰ পিছতে ই পি এফ অ’য়ে ইয়াৰ ক্ষেত্ৰ কাৰ্যালয়সমূহক গ্ৰাহকৰ একাউণ্টত ২০২০-২১ বৰ্ষৰ বাবে ৮.১ শতাংশৰ নতুন হাৰত সূত প্ৰদান কৰিব ৷ ই পি এফ ওয়ে ভৱিষ্য নিধি জমাৰ সূতৰ হাৰ ২০১৯-২০ বৰ্ষৰ বাবে ৮.৫ শতাংশ নির্ধাৰণ কৰিছিল ৷ এয়া আছিল সাত বছৰৰ ভিতৰত নিম্নতম হাৰ ৷ ২০১৮-১৯ বর্ষত এই হাৰ আচিল ৮.৬৫ শতাংশ ৷ ২০১৯-২০ বৰ্ষৰ বাবে প্ৰদান কৰা ইপিএফ সূতৰ হাৰ ২০১২-১৩ বৰ্ষৰ পিছত সৰ্বনিম্ন আছিল ৷