অহা সোমবাৰে অযোধ্যাত ৰাম মন্দিৰ উদ্বোধন কৰা হ’ব ৷ প্ৰস্তুতি পৰ্যায়ৰ সমান্তৰালকৈ মন্দিৰত প্ৰতিমা স্থাপনৰ ৰীতি-নীতিও আৰম্ভ হৈছে। দেশৰ বিভিন্ন ৰাজ্যই ৰাম মন্দিৰ উদ্বোধনৰ দিনা বন্ধ ঘোষণা কৰিছে। উত্তৰ প্ৰদেশৰ বাহিৰেও আন বহু ৰাজ্য এই তালিকাত আছে।
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ঘোষণা কৰিছে যে অহা ২২ জানুৱাৰীত ৰাজ্যৰ সকলো বিদ্যালয় বন্ধ থাকিব। আনকি ৰাজ্যৰ সকলো সুৰাৰ দোকান সেইদিনা বন্ধ থাকিব ৷ মধ্যপ্ৰদেশতো বন্ধ থাকিব সুৰাৰ দোকান। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে ২২ জানুৱাৰীত ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে। লগতে তেওঁ কয় যে ৰাম মন্দিৰ উদ্বোধনৰ দিনা সমগ্ৰ ৰাজ্যতে উৎসৱ উদযাপন কৰা হ’ব।
গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তই সংবাদমেলত কয় যে ২২ জানুৱাৰীত ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান আৰু চৰকাৰী কাৰ্যালয় বন্ধ থাকিব । ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণুদেও ছাইয়ে ঘোষণা কৰিছে যে ৰাম মন্দিৰ উদ্বোধনী দিনটোত ছত্তীশগড়ৰ সকলো চৰকাৰী-বেচৰকাৰী বিদ্যালয়-মহাবিদ্যালয় বন্ধ থাকিব। ২২ জানুৱাৰীত হাৰিয়ানা চৰকাৰে নিৰ্দেশ দিছে যে ৰাজ্যৰ কোনো ঠাইতে কোনো ধৰণৰ সুৰা সেৱন কৰিব নোৱাৰিব। সেইদিনা ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে ৷
শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টে দিয়া অনুষ্ঠানৰ তালিকা অনুসৰি মঙলবাৰে প্ৰথম দিনাৰ কাৰ্যসূচী আছিল প্ৰয়াসচিত্ত আৰু কৰ্ম-কোটি পূজা। বুধবাৰে শোভাযাত্ৰাৰে সৰযু নদীৰ পাৰলৈ লৈ যোৱা হ’ব ৰামলালাৰ মূৰ্তি। তাত অভিষেকৰ পিছত মূৰ্তিটো পুনৰ মন্দিৰলৈ অনা হ’ব।