দক্ষিণ কামৰূপৰ বিজয়নগৰৰ সমীপৰ দখলা কলিতাপাৰা ৰাইজ গয়ৰহে পৰম্পৰাগত ভাৱে উদযাপন কৰি অহা এইবেলি ৭২ সংখ্যত পদাৰ্পণ কৰা ৰাজহুৱা হোম যজ্ঞ কালি বেচ উলহ-মালহেৰে উদযাপন কৰে । পুৱা ১০ বজাত ঘট বুৰণৰ পিচতে নৰেন কলিতাৰ নেতৃত্বত ওজাপালি পৰিৱেশন কৰে । পিচত পুষ্পাঞ্জলি প্ৰদান, ৰাজহুৱা ভোগ গ্ৰহণৰ পিচত বিয়লি নিমন্ত্ৰিত বিশিষ্ট ব্যক্তিক আদৰণি জনায় । অনুষ্ঠানত সাহিত্যিক- সাংবাদিক দীপক শৰ্মা, মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি তথা জ্যেষ্ঠ সমাজকৰ্মী কমল চন্দ্ৰ মেধি, দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ মদন দাস প্ৰভৃতিয়ে অংশ লয় । সন্ধিয়া ৭ বজাত সাংস্কৃতিক মঞ্চ মুকলি কৰে খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ অধ্যক্ষ ডা : কমলা কান্ত কলিতাই । বন্তি প্ৰজ্বলন কৰে অসম গণ পৰিষদৰ পলাশবাৰী সমষ্টি সভাপতি চন্দ্ৰ কলিতাই । নিশা ৮ বজাৰ পৰা নলবাৰী ত্ৰিনয়ন নাগাৰা নাম দলৰ পাঠিকা জিন্টি ডেকাৰ নেতৃত্বত নাম পৰিবেশন কৰা হয় । ৰাইজ গয়ৰহৰ সভাপতি জয়ন্ত কলিতা কাকতি, উপ-সভাপতি পুলক দাস, সম্পাদক জগদীশ দাস, সহ সম্পাদক ৰঞ্জন কলিতা, সদস্য পুলক দাস (মেধি), বিমল দাস(বগা), পৃষ্ঠপোষক গিৰিধৰ দাস, হেমন্ত কলিতাৰ সাৰ্থক পৰিচালনাত অম্বুবাচীৰ প্ৰাকক্ষণত দখলা কলিতাপাৰা ৰাইজ গয়ৰহৰ হৃদস্পন্দন কৰা মাংগলিক অনুষ্ঠানে সকলোকে সন্মোহিত কৰে ।