VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰকাশ পালে পূজা বিশেষ এচ অ‘ পিঃনিষিদ্ধ হ’ব মেলা-সাংস্কৃতিক কাৰ্যসূচী

voicedesk by voicedesk
September 16, 2021
in মুখ্য সংবাদ, সমাজ, সংস্কৃতি
প্ৰকাশ পালে পূজা বিশেষ এচ অ‘ পিঃনিষিদ্ধ হ’ব মেলা-সাংস্কৃতিক কাৰ্যসূচী
0
SHARES
16
VIEWS
Share on FacebookShare on Twitter

এইবাৰ ৰাজ্যবাসীয়ে ক’ভিড সংক্ৰমণ নিয়ন্ত্ৰণত ৰাখি পালন কৰিব পাৰিব শাৰদীয় উৎসৱ দুৰ্গাপূজা,কালীপূজা অথবা দীপাৱলী।বিগত প্ৰায় দুটা বছৰ কোনো উৎসৱ-পাৰ্ব্বনত অংশ নোলোৱা ৰাজ্যবাসীয়ে এইবাৰ উপভোগ কৰিব পাৰিব পূজাৰ আনন্দ।

তাৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে ৰাজ্য চৰকাৰে কেতবোৰ সৰ্তকতামূলক ব্যৱস্থা গ্ৰহণ কৰি পূজা বিশেষ নতুন এচ অ’ পি ঘোষণা কৰিছে।পূৰ্বৰ তুলনাত কিছু শিথিলতা আনিছে যদিও অন্তত এপালি প্ৰতিষেধক লোৱা লোকেহে এইবাৰ পূজাৰ মণ্ডপত প্ৰৱেশ কৰিব পাৰিব।

কেৱল মাংগলিক আনুষ্ঠানৰ বাহিৰে এইবাৰ পূজাত সকলো ধৰণৰ মেলা-সাংস্কৃতিক অনুষ্ঠান বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।লগতে ব্যাহত থকা সান্ধ্য আইনৰ সময়ছোৱাত পূজাস্থলী বন্ধ ৰাখিব লাগিব।

এইক্ষেত্ৰত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এই নতুন এচ অ’ পি ঘোষণা কৰি কয় যে সকলো পূজা কমিটিয়ে পূজা উদযাপনৰ বাবে জিলা প্ৰশাসনৰ পৰা আগতীয়া অনুমতি ল’ব লাগিব।

লগতে জিলা প্ৰশাসনেও পূজা কমিটি সমূহৰ সৈতে আগতীয়াকৈ বৈঠক পাতি পূজা সম্বন্ধীয় সকলো নীতি-নিৰ্দেশনা অৱগত কৰিব লাগিব।

প্ৰত্যেকখন পূজা মণ্ডপত কিমান মানুহৰ সমাগম হ’ব সেইবিষয়েও পূজা কমিটি সমূহে আগতীয়াকৈ জিলা প্ৰশাসনক আভাস দাঙি ধৰিব লাগিব।

পূজা কমিটি সমূহে অনুমতি লোৱাৰ সময়ত কমিটিৰ বিষয়-ববীয়া তথা সদস্য সকলে ক’ভিড ভেকচিন লোৱা চাৰ্টিফিকেটৰ প্ৰতিলিপি দাখিল কৰিব লাগিব।

অন্যহাতে এপালি ভেকচিন লোৱা সকলে দ্বিতীয় পালি লোৱাৰ সময় অতিক্ৰম কৰিলে সেই চাৰ্টিফিকেট গ্ৰাহ্য কৰা ন’হব।ইয়াৰোপৰি পূজা মণ্ডপ সমূহ আহল-বহল হোৱাৰ লগতে কেউফালে মুকলিমূৰীয়া ঠাই থাকিব লাগিব।

ক’ভিড বিধি মানি দৰ্শনাৰ্থীৰ মাজত শাৰীৰিক ব্যৱধান থকাৰ লগতে প্ৰৱেশ আৰু প্ৰস্থানৰ সুকীয়া ব্যৱস্থা থাকিব লাগিব। পূজা কমিটি সমূহে পূজাস্থলীত একে সময়তে জনসমাগম হ’বলৈ দিব নোৱাৰিব।

কোনো লোকৰ সন্দেহ জনক ক’ভিডৰ লক্ষণ দেখা পালে লগে লগেই জিলা প্ৰশাসনক জনাব লাগিব।সেইদৰে পূজাৰী সকলেও ক’ভিডৰ প্ৰতিষেধক লোৱা হ’ব লাগিব।লগতে দৰ্শনাৰ্থীসকলৰ ক্ষেত্ৰত এপালি হলেও ভেকচিন ল’ব লাগিব।অৱশ্যে ১৮ অনুৰ্ধ সকলৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধ্য-বাধকতা নাথাকিব।

ইয়াৰোপৰি পূ্জা মণ্ডপৰ লগত জড়িত সকলো বিষয়-ববীয়া,সদস্য বা পূজাৰী সকলোৱে পূজাৰ আৰম্ভণিৰ পৰা প্ৰত্যেকেই পুনৰ ক’ভিড পৰীক্ষা কৰাতো বাঞ্চনীয়।লগতে কোনো ব্যক্তিয়ে মাস্ক পৰিধান নকৰাকৈ পূজাস্থলীলৈ আহিলে পূজা কমিটিয়ে মাস্ক যোগান ধৰিব লাগিব।

তেনেক্ষেত্ৰত পূজা কমিটিয়ে মাস্ক,ছেনিটাইজাৰ যোগান ধৰিব লাগিব।ইয়াৰলগতে পূজা কমিটিয়ে এক সু-পৰিকল্পিত বেৰিয়াৰ নিৰ্ণয় কৰিব লাগিব।একেদৰে পূজা কমিটিয়ে সম্পূৰ্ণ ক’ভিড নীতি-নিৰ্দেশনা মানি পূজা উদ্বোধনী অনুষ্ঠান বা প্ৰতিমা বিসৰ্জন পৰ্ব সম্পন্ন কৰিব লাগিব।

উল্লেখ্যযোগ্য যে প্ৰতিমা বিসৰ্জনৰ ক্ষেত্ৰত জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া নিয়মত বা প্ৰয়োজনত দুই-তিনি দিন সময় লৈ সম্পন্ন কৰাৰ সিদ্ধান্ত ল’ব।লগতে বিসৰ্জনস্থলীত নিয়োজিত সকলো স্বেচ্ছাসেৱক আৰু শ্ৰমিক ক’ভিড প্ৰতিষেধক লোৱা হ’ব লাগিব।

এইক্ষেত্ৰত ৰাজ্যৰ স্বাস্থ্য বিভাগে ১৭ ছেপ্টেম্বৰত পৰা এলানি মেগা ভেকচিন কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত লৈছে।উক্ত দিনা কমেও ৭ লাখ লোকক ভেকচিন প্ৰদান কৰাৰ লক্ষ্য লোৱা হৈছে বুলিও উল্লেখ কৰে স্বাস্থ্য মন্ত্ৰীজনে।

Previous Post

নিয়মিত মূলাৰ ৰস খাওক আৰু শৰীৰটোক সুস্থ কৰি ৰাখক

Next Post

কেন্দ্ৰীয় চৰকাৰৰ এই বিশেষ সিদ্ধান্তই ৰোজগাৰৰ ক্ষেত্ৰত সহায় কৰিব লক্ষ লক্ষ জনসাধাৰণকঃ জানিবলৈ পঢ়ক এই তথ্য

Related Posts

ভোগালী বিহু আৰু জোনবিল উৎসৱ
সংস্কৃতি

ভোগালী বিহু আৰু জোনবিল উৎসৱ

January 19, 2025
স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
Next Post
কেন্দ্ৰীয় চৰকাৰৰ এই বিশেষ সিদ্ধান্তই ৰোজগাৰৰ ক্ষেত্ৰত সহায় কৰিব লক্ষ লক্ষ জনসাধাৰণকঃ জানিবলৈ পঢ়ক এই তথ্য

কেন্দ্ৰীয় চৰকাৰৰ এই বিশেষ সিদ্ধান্তই ৰোজগাৰৰ ক্ষেত্ৰত সহায় কৰিব লক্ষ লক্ষ জনসাধাৰণকঃ জানিবলৈ পঢ়ক এই তথ্য

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7