পুনৰ বিবাহপাশত আৱদ্ধ হ’ব পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান ৷ বৃহস্পতিবাৰে বিবাহপাশত আবদ্ধ হ’ব পাঞ্জাৱৰ মুখ্যমন্ত্ৰী গৰাকী ৷ ৭ জুলাইত চণ্ডীগড়ত অনুষ্ঠিত হ’ব তেওঁলোকৰ বিবাহ অনুষ্ঠান । ড° গুৰপ্ৰীত কৌৰৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব ভগৱন্ত মান। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও মানৰ বিয়াত অংশ ল’ব। এই বিবাহ অনুষ্ঠানটো মুখ্যমন্ত্ৰী মানৰ বাসগৃহতে সৰু কার্যসূচীৰ মাজেৰে অনুষ্ঠিত হ’ব। উল্লেখ্য যে ৬ বছৰ আগতে ভগৱন্ত মনৰ বিবাহ বিচ্ছেদ হৈছিল। তেওঁৰ প্ৰথম পত্নী ইন্দৰজিৎ কৌৰ আৰু সন্তান বর্তমান আমেৰিকাত থাকে। ২০১৬ চনত দুয়োৰে মাজত বিবাহ বিচ্ছেদৰ পিছত সন্তানসহ ইন্দ্ৰজিত আমেৰিকালৈ গুচি যায়। ইয়াৰ পূৰ্বে মাৰ্চ মাহত বিধানসভা নিৰ্বাচনৰ পিছত যেতিয়া আম আদমী পাৰ্টিৰ চৰকাৰ গঠন হৈছিল, তেতিয়া দুয়ো সন্তান ভগৱন্ত মানৰ শপতগ্ৰহণ অনুষ্ঠানলৈ আহিছিল।
তথ্য অনুসৰি ভগৱন্ত মানৰ মাতৃ হৰপালৰ প্ৰৱল ইচ্ছাৰ বাবে মুখ্যমন্ত্ৰী ভগৱন্ত মানে পুনৰ বিবাহত বহিব ৷ মাতৃ আৰু ভগ্নী মনপ্ৰীত কৌৰে নিজেই মানৰ বাবে কইনা বাছি দিছে । পাঞ্জাৱৰ মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে ভগৱন্ত মান ৰাজ্যখনৰ পৰাই সাংসদ আছিল। ২০১৪ আৰু ২০১৯ চনত একেৰাহে দুটা কাৰ্যকালৰ বাবে তেওঁ সাংসদ হৈছিল। চলিত বৰ্ষৰ মাৰ্চ মাহত পাঞ্জাৱৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আম আদমী পাৰ্টিয়ে তেওঁক মুখ্যমন্ত্ৰীৰ প্ৰার্থী ঘোষণা কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। ৰাজ্যত সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হয় ৪৮ বছৰীয়া মান ৷