উত্তৰ প্ৰদেশৰ লগতে পাঞ্জাৱৰ আগন্তুক বিধানসভা নির্বাচনক লৈ তৎপৰ হৈ পৰিছে বিজেপি ৷ কংগ্ৰেছৰ হাতৰ পৰা ক্ষমতাৰ বাঘজৰী কাঢ়ি লবলৈ নতুন সমীকৰণ আৰম্ভ কৰিছে বিজেপিয়ে ৷ ইয়াৰ অংশ হিচাপে প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে গঠন কৰা নতুন দলৰ সৈতে মিত্ৰতা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে বিজেপিয়ে ৷ ৰাজ্যখনৰ বিধানসভা নির্বাচনৰ প্ৰভাৰী তথা কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱাটে এই কথা প্ৰকাশ কৰিছে ৷
এই প্ৰসংগত তেওঁ কয় ‘চণ্ডীগড়ত অমৰিন্দৰ সিঙৰ সৈতে মোৰ বৈঠক অনু্ষ্ঠিত হৈছে ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ নতুন দল পাঞ্জাৱ লোক কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰাৰ ইংগিত প্ৰদান কৰিছে৷ কিন্তু এই বৈঠকৰ অন্তত মই ক’ব পাৰো যে আমি বিধানসভা নির্বাচনত একেলগে প্ৰতিদ্বন্দিতা কৰিম ৷ সঠিক সময়ত আসনৰ ভাগ বটোৱাৰাৰ কথা ঘোষণা কৰা হ’ব ৷’ অৱশ্যে এতিয়ালৈ মুখ্যমন্ত্ৰীৰ প্ৰার্থী কোন হ’ব সেই সন্দর্ভত এতিয়াও স্পষ্ট কৰা নাই বিজেপিয়ে ৷